মিয়ামি বিমানবন্দৰত বিমানত অগ্নিকাণ্ড, তিনিজন অগ্নিদগ্ধ
মিয়ামি, ২২ জুন (হি.স.)। আমেৰিকাৰ মিয়ামি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এখন বিমানৰ লেণ্ডিং গিয়াৰ বিস্
Miami airport


মিয়ামি, ২২ জুন (হি.স.)। আমেৰিকাৰ মিয়ামি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এখন বিমানৰ লেণ্ডিং গিয়াৰ বিস্ফোৰণ হৈ অগ্নিকাণ্ডৰ ফলত ৩ জন লোক আহত হৈছে। এই বিমানখনত আছিল ১২০ জন লোক।

মিয়ামি-ডেড বিমান পৰিবহণ বিভাগৰ মুখপাত্ৰ গ্ৰেগ চিনৰ মতে, ডমিনিকান ৰিপাব্লিকৰ ছান্টো ডমিংগোৰ পৰা বিমানখন সন্ধিয়া ৫:৩০ বজাত (স্থানীয় সময় অনুসৰি) অৱতৰণ কৰাৰ লগে লগে গিয়াৰ বিস্ফোৰণ হৈ জুই লাগে। আহত তিনিজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

তেওঁ কয় যে এই বিমানখন ৰেড এয়াৰ কোম্পানীৰ। আহতসকলক চিকিৎসালয়লৈ নিয়াৰ পিছত বাকী যাত্ৰীসকলক নিৰাপদে টাৰ্মিনেললৈ স্থানান্তৰ কৰা হয়। দুৰ্ঘটনাৰ সবিশেষ টুইটাৰত প্ৰকাশ কৰিছে মিয়ামি-ডেড ফায়াৰ ৰেচকুৱে।

হিন্দুস্থান সমাচাৰ/মুকুন্দ/ অৰৱিন্দ/মনোজ


 rajesh pande