জেৰুজালেম, ২২ জুন (হি.স.)। ইজৰাইলে তিনি বছৰৰ ভিতৰত পঞ্চমবাৰৰ বাবে নিৰ্বাচনৰ সন্মুখীন হ’বলৈ গৈ আছে। নিৰ্বাচনৰ প্ৰস্তুতি দ্ৰুতগতিত আগবাঢ়িছে। শাসকীয় মিত্ৰজোঁটে এই সপ্তাহত সংসদ ভংগ কৰাৰ বাবে এখন দ্ৰুতগতিত বিধেয়ক আনিব। মঙলবাৰে এই কথা ঘোষণা কৰে কল্যাণ মন্ত্ৰী মেইৰ কোহেনে।
প্ৰধানমন্ত্ৰী নাফতালি বেনেটে সোমবাৰে ঘোষণা কৰে যে তেওঁ ৮টা মতাদৰ্শগত দলৰ মাজত মিলন ঘটাব পৰা নাই আৰু দেশত নতুন নিৰ্বাচন অনুষ্ঠিত হ’ব। ৱেষ্ট বেংক শৰণাৰ্থীসকলৰ বিশেষ আইনী মৰ্যাদাক লৈ মতানৈক্যৰ সৃষ্টি হোৱাৰ পিছতে চলিত মাহত শাসকীয় মিত্ৰজোঁটত এই বিভাজনৰ সৃষ্টি হৈছে।
চুক্তি অনুসৰি নিৰ্বাচন অনুষ্ঠিত নোহোৱা পৰ্যন্ত মিত্ৰজোঁটৰ মূল মিত্ৰ দলৰ নেতা তথা বৈদেশিক মন্ত্ৰী য়াইৰ লাপিড দেশৰ তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী হ’ব। দেশখনত অক্টোবৰত হ’ব পাৰে নতুন নিৰ্বাচন।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/ অৰৱিন্দ/মনোজ