ৰণবীৰ কাপুৰ-সঞ্জয় দত্তৰ 'চামছেৰা'ৰ টিজাৰ মুক্তি
২২ জুন (হি.স.)। ৰণবীৰ কাপুৰ, বাণী কাপুৰ আৰু সঞ্জয় দত্তৰ বহু চৰ্চিত পিৰিয়ড ড্ৰামা একচন ছবি 'চামছেৰা
ৰণবীৰ কাপুৰ-সঞ্জয় দত্তৰ 'চমছেৰা'ৰ টিজাৰ মুক্তি


২২ জুন (হি.স.)। ৰণবীৰ কাপুৰ, বাণী কাপুৰ আৰু সঞ্জয় দত্তৰ বহু চৰ্চিত পিৰিয়ড ড্ৰামা একচন ছবি 'চামছেৰা' টিজাৰ বুধবাৰে মুক্তি লাভ কৰে। শেহতীয়াকৈ, এই ছবিখনৰ ৰণবীৰৰ ফাৰ্ষ্ট লুকে সকলোকে আচৰিত কৰিছিল। ৰণবীৰক এই লুকত যথেষ্ট ভয়ানক দেখা গৈছিল। ৰণবীৰৰ এই ফাৰ্ষ্ট লুকৰ পিছত অনুৰাগীসকলে ইয়াৰ টিজাৰ আৰু ট্ৰেইলাৰৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। অনুৰাগীসকলৰ এই কৌতূহল দেখি নিৰ্মাতাসকলে টিজাৰ মুকলি কৰিছে। য'ত ৰণবীৰ কাপুৰ আৰু সঞ্জয় কাপুৰৰ ভয়ানক অৱতাৰটো দেখা গৈছে। বাণী কাপুৰেও টিজাৰটো শ্বেয়াৰ কৰাৰ লগতে 'চামছেৰা'ৰ ট্ৰেইলাৰৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছে।

টিজাৰটো সঞ্জয় দত্তৰ চেহেৰাৰে আৰম্ভ হয়। যাক খাকী ইউনিফৰ্ম, দীঘল বেণীত দেখা গৈছে। সাধাৰণ লোকৰ ওপৰত অত্যাচাৰ কৰা দেখা যায়। একে সময়তে ঘোঁৰাত উঠি থকা 'ডকাইত' ৰণবীৰ কাপুৰৰ প্ৰৱেশেও দৰ্শকক আচৰিত কৰি তুলিছে। টিজাৰত ছবিখনৰ শক্তিশালী সংলাপও শুনিবলৈ পাব।

একে সময়তে, ৰণবীৰ কাপুৰৰ কণ্ঠত 'কৰ্ম চে ডকাইত, ধৰ্ম চে স্বাধীন', সংলাপটোৱে স্পষ্ট কৰে যে সঞ্জয় দত্তৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাবলৈ ৰণবীৰে মানুহক ডকাইত হিচাপে বচাবলৈ আগবাঢ়ি আহিব। ছবিখনৰ টিজাৰটো বহুত শক্তিশালী।

'চামছেৰা'ৰ ট্ৰেইলাৰৰ বিষয়ে ক'লে, ২৪ জুনত মুক্তি পাব। বাণী কাপুৰে ছবিখনত এগৰাকী স্থানীয় নৃত্যশিল্পীৰ চৰিত্ৰত অভিনয় কৰিছে। ৰণবীৰ কাপুৰক ছবিখনত দুটা চৰিত্ৰত দেখা যাব। বাণী কাপুৰৰ উপৰিও ৰণবীৰ কাপুৰ, সঞ্জয় দত্ত, আশুতোষ ৰাণা, সৌৰভ শুক্লা, ৰনিত ৰয় আৰু ট্ৰিধা চৌধুৰীকো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব।

কৰণ মালহোত্ৰাৰ দ্বাৰা পৰিচালিত 'চামছেৰা' ছবিখন আদিত্য চোপ্ৰাৰ দ্বাৰা প্ৰযোজনা কৰা হৈছে । হিন্দীৰ উপৰিও ছবিখন ২২ জুলাইত তামিল আৰু তেলেগুত একেলগে মুক্তি পাব।

হিন্দুস্থান সমাচাৰ/ কুসুম/ বিস্মিতা/মনোজ


 rajesh pande