বিহালী আৰক্ষীৰ ছটাকৈ চোৰ গ্ৰেপ্তাৰ
বিশ্বনাথ, ২১ জুন (হি.স.): বিশ্বনাথ জিলাৰ বিহালী থানাৰ অন্তৰ্গত বুৰৈঘাটৰ পৰা যোৱা ১২জুন তাৰিখে চুৰি
আটক


বিশ্বনাথ, ২১ জুন (হি.স.): বিশ্বনাথ জিলাৰ বিহালী থানাৰ অন্তৰ্গত বুৰৈঘাটৰ পৰা যোৱা ১২জুন তাৰিখে চুৰি হোৱা ফকলেণ্ড যোৱা কালি অৰুণাচলৰ পাছিঘাটৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় বিহালী আৰক্ষীয়ে । এক গোপন সুত্ৰৰ পম খেদি বিহালী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৰেন গগৈ আৰু হেলেম থানাৰ উপ পৰিদৰ্শক ৰূপজ্যোতি গগৈৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে ছয়জন চোৰ সহ ফকলেণ্ড উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ আটক কৰা ফকলেণ্ড চোৰ কেইটা ক্ৰমে মিজানুল ৰহমান, কিশোৰ সিঙ, ইউচূপ আলি,খীৰ প্ৰধান মহম্মদ ইছলাম আলি আৰু চানু সিঙক গেপ্তাৰ কৰি সোধাপুচা অব্যাহত ৰাখিছে বিহালী আৰক্ষীয়ে । জানিব পৰা মতে আটাইকেইটা চোৰৰ ঘৰ ধেমাজীৰ বিভিন্ন প্ৰান্তৰ । এই সন্দৰ্ভত বিহালী থানাৰ কেছ নম্বৰ ৪৫/২২ ত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৯ ধাৰাত গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande