আৰ আই এলকে ধৰি আন দুজনৰ ওপৰত ছেবীৰ জৰিমনা ৩০ লাখ টকা
নতুন দিল্লী, ২১ জুন (হি.স.)। ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ডে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটে
sebi1_1


নতুন দিল্লী, ২১ জুন (হি.স.)। ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ডে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ লগতে দুজন ব্যক্তিক ৩০ লাখ টকা জৰিমনা বিহিছে। জিঅ’-ফেচবুক চুক্তিৰ বিষয়ে পোনপটীয়াকৈ শ্বেয়াৰ বজাৰত খবৰ নিদিয়াৰ বাবে কেপিটেল মাৰ্কেটছ ৰেগুলেটৰ ছেবিয়ে এই শাস্তি আৰোপ কৰিছে।

ছেবিয়ে এই নিৰ্দেশত জনাইছে যে শ্বেয়াৰ বজাৰক পোনপটীয়াকৈ তথ্য নিদিয়াকৈ বাতৰি কাকতত দিয়া হৈছে জিঅ’-ফেচবুক চুক্তিৰ তথ্য। ইয়াক ছেবিৰ বিধান উলংঘা কৰা বুলি বিবেচনা কৰি আৰ আই এল, সাবিত্ৰী পাৰিখ আৰু সেথুৰামনক যৌথভাৱে ৩০ লাখ টকা জৰিমনা বিহাৰ সিদ্ধান্ত লোৱা হয়। ছেবিৰ নিৰ্দেশ অনুসৰি ৪৫ দিনৰ ভিতৰত জমা কৰিব লাগিব জৰিমনা।

মাৰ্কেটছ নিয়ন্ত্ৰক ছেবিৰ বিচাৰ বিষয়া বাৰ্ণালী মুখাৰ্জীয়ে এই আদেশত কয় যে ফেচবুকে জিঅ’ প্লেটফৰ্মৰ ৯.৯৯ শতাংশ অংশীদাৰিত্ব ল’বলৈ কৰা ৪৩,৫৭৪ কোটি টকাৰ বিনিয়োগ চুক্তিৰ তথ্য ২০২০ চনৰ ২৪-২৫ মাৰ্চত কাকতখনত প্ৰকাশ পাইছিল। কিন্তু, ইয়াৰ বিষয়ে তথ্য ২০২০ চনৰ ২২ এপ্ৰিলত শ্বেয়াৰ বজাৰত দিয়া হৈছিল।

উল্লেখযোগ্য যে ছ’চিয়েল মিডিয়া কোম্পানী ফেচবুকে আৰ আই এলৰ ডিজিটেল প্লেটফৰ্ম ৰিলায়েন্স জিঅ’ত ৫.৭ বিলিয়ন বা ৪৩,৫৭৪ কোটি টকা বিনিয়োগ কৰিছিল। ফেচবুকে ২০২০ চনত এই বিনিয়োগ কৰিছিল ৰিলায়েন্স জিঅ’ৰ ৯.৯৯ শতাংশ অংশীদাৰিত্বৰ বাবে।

হিন্দুস্থান সমাচাৰ/প্ৰজেশ শংকৰ/ অৰৱিন্দ/মনোজ


 rajesh pande