ৰণবীৰ কাপুৰৰ আহিবলগীয়া ছবি চামছেৰাৰ ফাৰ্ষ্ট লুক মুকলি
ঃকিছুদিন পূৰ্বে ৰণবীৰ কাপুৰৰ আহিবলগীয়া ছবি চামছেৰাৰ বিষয়ে চৰ্চা হৈ আছিল ।এই ছবিখনৰ ৰণবীৰ কাপুৰৰ ফা
ৰণবীৰ কাপুৰৰ আহিবলগীয়া ছবি চামছেৰাৰ ফাৰ্ষ্ট লুক মুকলি


ঃকিছুদিন পূৰ্বে ৰণবীৰ কাপুৰৰ আহিবলগীয়া ছবি চামছেৰাৰ বিষয়ে চৰ্চা হৈ আছিল ।এই ছবিখনৰ ৰণবীৰ কাপুৰৰ ফাৰ্ষ্ট লুক মুকলি হৈছে। অৱশ্যে, এই গোটেই বিষয়টোত নিৰ্মাতাসকলৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ হোৱা নাছিল বা তেওঁলোকে ইয়াক নিশ্চিত কৰা নাছিল। একে সময়তে, এতিয়া নিৰ্মাতাসকলে সোমবাৰে শামছেৰাৰ পৰা ৰণবীৰ কাপুৰৰ ফাৰ্ষ্ট লুক পোষ্টাৰ তিনিটা ভাষা হিন্দী, তামিল আৰু তেলেগু ভাষাত মুকলি কৰিছে। ফাৰ্ষ্ট লুকত ৰণবীৰ কাপুৰক দীঘল চুলি আৰু দীঘল দাড়ি-গোঁফত অতি ভয়ংকৰ আৰু বেলেগ দেখা গৈছে।

উল্লেখনীয় যে চামছেৰা চলচ্চিত্ৰখন স্বাধীনতাৰ পূৰ্বৰ যুগৰ ডকাইতৰ কাহিনী। ৰণবীৰ কাপুৰৰ উপৰিও ছবিখনত বাণী কাপুৰ আৰু সঞ্জয় দত্তই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। হিন্দীৰ বাহিৰেও তামিল আৰু তেলেগু ভাষাত 'চামছেৰা' মুক্তি দিয়া হ'ব। যশ ৰাজ ফিল্মছৰ দ্বাৰা প্ৰযোজিত এই ছবিখন কৰণ মালহোত্ৰাই পৰিচালনা কৰিছে। চলচ্চিত্ৰখন এই বছৰৰ ২২ জুলাইত মুক্তি পাব।

হিন্দুস্থান সমাচাৰ/ সুৰভি/ বিস্মিতা/মনোজ


 rajesh pande