কন্যা মালতীৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ প্ৰিয়ংকা চোপ্ৰাৰ
ঃ সম্প্ৰতি মাতৃত্বৰ জীৱন উপভোগ কৰি থকা বলীউডৰ দেশী গাৰ্ল খ্যাত প্ৰিয়ংকা চোপ্ৰাই আকৌ এবাৰ কন্যা মাল
কন্যা মালতীৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ প্ৰিয়ংকা চোপ্ৰাৰ


ঃ সম্প্ৰতি মাতৃত্বৰ জীৱন উপভোগ কৰি থকা বলীউডৰ দেশী গাৰ্ল খ্যাত প্ৰিয়ংকা চোপ্ৰাই আকৌ এবাৰ কন্যা মালতীৰ ফটো ছচিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰিছে। পিতৃ দিৱস বিশেষ উপলক্ষে কন্যা মালতীৰ এই ফটোখন শ্বেয়াৰ কৰিছে। ফটোখনত নিক জোনাছক কন্যা মালতীক হাতত ধৰি থিয় হোৱাত সহায় কৰা দেখা গৈছে। অৱশ্যে, এই ফটোখনত পিতৃ আৰু কন্যা দুয়োৰে মুখ দেখা নাই। ফটোখনত কন্যা মালতী আৰু নিক জোনাছে কাষ্টমাইজড জোতা পিন্ধি আছে। য'ত মালতীৰ জোতাত এম আখৰ লিখা আছে।

একে সময়তে, নিক জোনাছে এখন ভৰিৰ জোতাত মা আৰু আনখন ভৰিৰ জোতাত দেউতা লিখা আছে। ছবিখন শ্বেয়াৰ কৰোঁতে প্ৰিয়ংকাই লিখিছিল পিতৃ দিৱসৰ শুভেচ্ছা মোৰ প্ৰেম। আমাৰ সৰু ছোৱালীজনীৰ সৈতে আপোনাক দেখি মই অত্যাধিক আনন্দিত হৈছো '।

একে সময়তে, নিক জোনাছে প্ৰিয়ংকাৰ দ্বাৰা শ্বেয়াৰ কৰা ছবিখন পুনৰ শ্বেয়াৰ কৰি লিখিছিল মোৰ সৰু ছোৱালীজনীৰ সৈতে প্ৰথম পিতৃ দিৱস। পিতৃ-কন্যাৰ স্নিকাৰৰ বাবে আৰু মোকই পিতৃত্বৰ গৌৰৱ দিয়াৰ বাবে প্ৰিয়ংকা চোপ্ৰালৈ ধন্যবাদ। মই তোমাক বহুত ভাল পাওঁ। সকলো পিতৃ আৰু তত্ত্বাৱধায়কক পিতৃ দিৱসৰ শুভেচ্ছা ।'

প্ৰিয়ংকা আৰু নিকৰ এই পোষ্টটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছে ২০১৮ চনৰ মে মাহত প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছিল আৰু নিকে প্ৰিয়ংকাক তেওঁৰ জন্মদিনত বিয়াৰ প্ৰস্তাৱ দিছিল। ইয়াৰ পিছত ২০১৮ চনৰ ১ ডিচেম্বৰ তাৰিখে বিবাহপাশত আৱদ্ধ হয়। বিবাহৰ তিনি বছৰৰ পিছত প্ৰিয়ংকা চোপ্ৰা এই বছৰ চাৰোগেচীৰ জৰিয়তে মাতৃ হৈছে।

হিন্দুস্থান সমাচাৰ/ সুৰভি/ বিস্মিতা/মনোজ


 rajesh pande