কামৰূপ, ১৮ মে’ (হি স)। হাজোৰ একাদিৰ চাঞ্চল্যকৰ ৰফিকুল অপহৰণ আৰু হত্যাকাণ্ডৰ লগত জড়িত পাঁচ অপহৰণকাৰীৰ দুজনক ৭দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। আজি হাজোৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক আদলতত হাজিৰ কৰাৰ পাছতে এই লোমহৰ্ষক হত্যাকাণ্ডৰ লগত জড়িত দুই ঘাতকক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।
উল্লেখ্য যে, সোমবাৰে নিশা হাজো আৰক্ষীয়ে অভিযান চলাই কামৰূপৰ কমলপুৰৰ পুঠিমাৰী নৈৰ পাৰত ৰফিকুলৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আটক কৰিছিল পাঁচ অপহৰণকাৰীক। আদালতে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা দুই অপহৰণকাৰী ক্ৰমে লাডেন ওৰফে চহিদুল ইছলাম আৰু আছিকুৰ ৰহমান।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ