নতুন দিল্লী, ১৮ মে’ (হি.স.)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২২ৰ কোৱালিফায়াৰ ১ আৰু এলিমিনেটৰ মেচ আয়োজন কৰিবলৈ সাজু হৈছে কলকাতাৰ ইডেন গাৰ্ডেনছ।
আই পি এল ২০২২ৰ অন্তিম লীগ পৰ্যায়ৰ মেচ ২২ মে’ত অনুষ্ঠিত হ’ব ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু পঞ্জাৱ কিংছৰ মাজত। কলকাতাৰ ইডেন গাৰ্ডেনত ২৪ মে’ৰ পৰা আৰম্ভ হ’ব প্লে অফৰ পৰ্যায়।
দুবছৰৰ ব্যৱধানৰ অন্তত পূৰ্ণ ক্ষমতাৰে ভৰি থাকিব ষ্টেডিয়াম, কিয়নো যোৱা দুটা ছিজন খালী ষ্টেডিয়ামত খেলা হৈছিল বা ক’ভিড-১৯ মহামাৰীৰ বাবে দৰ্শকৰ সীমিত কৰা হৈছিল।
ইয়াৰ পূৰ্বে ইডেন গাৰ্ডেনত ক্ৰমে ২০২১ চনৰ নৱেম্বৰ আৰু ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত নিউজিলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ মেচ অনুষ্ঠিত হৈছিল।
ক্ৰিকেট এছ’চিয়েশ্যন অৱ বেংগলৰ সভাপতি অবিশ্বেক ডালমিয়াই কয়, “আমি ২০১৯ চনত শেষবাৰৰ বাবে আয়োজন কৰাৰ পিছত তিনি বছৰৰ ব্যৱধানৰ মূৰত এই আয়োজন কৰিছোঁ।
ডালমিয়াই আৰু কয়, আমি নৱেম্বৰ মাহত আন্তঃৰাষ্ট্ৰীয় মেচ আয়োজন কৰিছো। আমি বিষয়াসকলৰ সৈতে কথা পাতিছো। আমি আৰক্ষী বিষয়াসকলৰ সৈতেও বৈঠক কৰিছো। ইয়াৰ উপৰিও আমি সেনাবাহিনী আৰু ক্ৰীড়া বিভাগৰ সৈতেও বৈঠক কৰিছিলো। গতিকে, প্ৰস্তুতি হৈছে। পূৰ্ণগতিত চলি আছে আৰু টিকটৰ বাবে বিপুল চাহিদা আছে।
উল্লেখ্য় যে কলকাতা আৰু আহমেদাবাদত অনুষ্ঠিত হ’ব প্লে অফ মেচসমূহ। ইডেন গাৰ্ডেনত কোৱালিফায়াৰ ১, তাৰ পিছতে পিছদিনা এলিমিনেটৰ খেল অনুষ্ঠিত হ’ব। ২৭ মে’ত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব কোৱালিফায়াৰ ২, একেটা খেলপথাৰতে ২৯ মে’ত অনুষ্ঠিত হ’ব ফাইনেল খেলখন।
হিন্দুস্থান সমাচাৰ / সুনীল/ অৰৱিন্দ/মনোজ