বগা আধিপত্যৰ মতাদৰ্শৰ আমেৰিকাত কোনো স্থান নাই-বাইডেন
নিউয়ৰ্ক, ১৮ মে’ (হি.স.)। নিউয়ৰ্কৰ বাফেলোত ১০ জন কৃষ্ণাংগ লোকৰ হত্যাকাণ্ডত শোক প্ৰকাশ কৰি বৰ্ণবাদী
Joe Biden1


নিউয়ৰ্ক, ১৮ মে’ (হি.স.)। নিউয়ৰ্কৰ বাফেলোত ১০ জন কৃষ্ণাংগ লোকৰ হত্যাকাণ্ডত শোক প্ৰকাশ কৰি বৰ্ণবাদী ষড়যন্ত্ৰ তত্ত্ব প্ৰচাৰ কৰাৰ বাবে বগা শ্ৰেষ্ঠত্ববাদী, সংবাদ মাধ্যম, ইণ্টাৰনেট আৰু ৰাজনীতিক গৰিহণা দিছে ৰাষ্ট্ৰপতি জো বাইডেনে।

মঙলবাৰে বাইডেনে কয় যে দেশখনত যি ঘটিল সেয়া হৈছে ষ্ট্ৰেইট-আপ সন্ত্ৰাসবাদ আৰু ঘৰুৱা সন্ত্ৰাসবাদ। পেইটন গেণ্ড্ৰন নামৰ এজন ১৮ বছৰীয়া বগা কিশোৰে বাফেলোৰ এটা আফ্ৰিকান-আমেৰিকান প্ৰধান চুবুৰীত ছেমি অটোমেটিক ৰাইফল গুলী চলোৱাৰ অভিযোগ উত্থাপন হৈছে। কৰ্তৃপক্ষই জনোৱা মতে, শনিবাৰে টপছ ফ্ৰেণ্ডলী মাৰ্কেটত কিশোৰজনে ১৩ জন লোকক গুলীয়াই হত্যা কৰিছিল। প্ৰথমটো হত্যাৰ অভিযোগত জামিনবিহীন ভাৱে কাৰাগাৰত বন্দী কৰা হৈছে গেণ্ড্ৰনক।

বাইডেনে কয় যে বগা আধিপত্য আচলতে এক বিহ। নিহত সকলৰ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰাৰ কিছু সময়ৰ পাছতে বাইডেনে এই মন্তব্য কৰে। তেওঁ কয় যে বগা আধিপত্যৰ মতাদৰ্শৰ আমেৰিকাত কোনো স্থান নাই। আমেৰিকাৰ এটৰ্নী জেনেৰেল মেৰিক গাৰ্লেণ্ড আৰু অন্যান্য বাইডেনৰ বিষয়াসকলে বগা শ্ৰেষ্ঠত্ববাদীসকলৰ হিংসাত্মক ঘটনাৰ আমেৰিকাই সন্মুখীন হোৱা সন্ত্ৰাসবাদৰ অন্যতম বৃহৎ ভাবুকি বুলি অভিহিত কৰিছে। ২০২০ চনত এনে ঘটনাৰ সংখ্যা সৰ্বাধিক হৈছে।

হিন্দুস্থান সমাচাৰ / অজিত/ বিশ্মিতা/মনোজ


 rajesh pande