বৰপেটাত চোৰৰ চাফাই অভিযান
বৰপেটা, ১৮ মে (হি.স.)। নিশা মুষলধাৰ বৰষুণৰ সুযোগ ললে চোৰে। দোকানৰ টিনপাত কাটি চোৰে চলালে চাফাই অভিযা
বৰপেটাত চোৰৰ চাফাই অভিযান


বৰপেটা, ১৮ মে (হি.স.)। নিশা মুষলধাৰ বৰষুণৰ সুযোগ ললে চোৰে। দোকানৰ টিনপাত কাটি চোৰে চলালে চাফাই অভিযান। নগদ ধনসহ কেইবা লক্ষাধিক টকাৰ সামগ্ৰী নিলে চোৰে। ভেল্লাৰ বালাচৰত খুদুল আলী নামৰ পাইকাৰী গেলামালৰ দোকানত চোৰৰ এই উপদ্ৰৱ।

উল্লেখযোগ্য যে বৰপেটাৰ ভেল্লাকে ধৰি পূৱ বৰপেটাৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে চুৰি, অসামাজিক কাৰ্য। অসামাজিক কাৰ্যত জড়িত লোকে দিনে নিশাই চলাই গৈছে দুস্কাৰ্য। বৰপেটা আৰক্ষী থানাত এজাহাৰ দাখিল ভূক্তভোগী স্বত্বাধিকাৰীৰ। ঘটনাস্থলীত বৰপেটা সদৰ থানাৰ আৰক্ষীৰ এটি দল উপস্থিত হৈ তদন্ত অৱ্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/আলোক.


 rajesh pande