জাগীৰোডত সংসদীয় কমিটিৰ অধ্যক্ষ জগদম্বিকা পাল
মৰিগাঁও, ১৮ মে’( হি স )। মৰিগাঁও জিলাৰ জাগীৰোডত আজি উপস্থিত হয় সংসদীয় কমিটিৰ অধ্যক্ষ জগদম্বিকা পাল ।
জাগীৰোডত সংসদীয় কমিটিৰ অধ্যক্ষ জগদম্বিকা পাল


মৰিগাঁও, ১৮ মে’( হি স )। মৰিগাঁও জিলাৰ জাগীৰোডত আজি উপস্থিত হয় সংসদীয় কমিটিৰ অধ্যক্ষ জগদম্বিকা পাল । উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সংসদীয় কমিটিৰ অধ্যক্ষ গৰাকীৰ নেতৃত্বত আজি বুধবাৰে বিয়লি জাগীৰোডত উপস্থিত হয় সাতগৰাকী সাংসদ । সংসদীয় কমিটিৰ এই প্ৰতিনিধি দলটোত দিল্লীৰ আম আদমী পাৰ্টীৰ সাংসদ সঞ্জয় সিঙো উপস্থিত থাকে ।

সংসদীয় কমিটিৰ প্ৰতিনিধিৰ দলটোৱে জাগীৰোডত উপস্থিত হৈ জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধীনত নিৰ্মাণ হ’ব লগীয়া নগৰাঞ্চলৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ আধাৰশিলা স্থাপন কৰে । লগতে ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা একাংশ এনে গৃহত প্ৰৱেশ কৰি উদ্বোধন কৰে এই কমিটিৰ অধ্যক্ষ জগদম্বিকা পালে । ইয়াৰ পিছতে জাগীৰোডৰ নিজৰাপাৰত অনুষ্ঠিত হয় এক সমাৰোহ । সমাৰোহত সংসদৰ প্ৰতিনিধি দলটোৰ আপ্যায়নৰ বাবে স্থানীয় কৃষ্টি দলে পৰিৱেশন কৰে অসমৰ থলুৱা গীত-নৃত্য ।

উল্লেখযোগ্য যে নগৰাঞ্চলৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ একোটাকৈ গৃহৰ বাবে কেন্দ্ৰীয় চৰকাৰে দুই লাখ টকা আৰু ৰাজ্য চৰকাৰে দহ হাজাৰকৈ টকা আৱন্টন দিছে । এই যোজনাত জাগীৰোড উন্নণন প্ৰাধিকৰণৰ অধীনত প্ৰায় এহেজাৰ হিতাধিকাৰী উপকৃত হ’ব ।

হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ


 rajesh pande