ৰঙিয়াৰ ৮ বছৰীয়া শিশু দুৰাৰোগ্য ৰোগত আক্ৰান্ত : মুখ্যমন্ত্ৰীক সহায়ৰ আহ্বান
কামৰূপ, ১৮ মে’ (হি.স.): ৰঙিয়া চহৰৰ গাতে লাগি থকা চেপ্তি নকুল গাওঁ পঞ্চায়তৰ অন্তৰগত মুৰাৰা গাঁৱৰ বনজ
ৰঙিয়াৰ ৮ বছৰীয়া শিশু দুৰাৰোগ্য ৰোগত আক্ৰান্ত : মুখ্যমন্ত্ৰীক সহায়ৰ আহ্বান


কামৰূপ, ১৮ মে’ (হি.স.): ৰঙিয়া চহৰৰ গাতে লাগি থকা চেপ্তি নকুল গাওঁ পঞ্চায়তৰ অন্তৰগত মুৰাৰা গাঁৱৰ বনজিৎ দাস নামৰ এটি ৮ বছৰীয়া শিশু এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছে ৷ পিতৃ টংকেশ্বৰ দাসে যোৱা ৮ বছৰে পুত্ৰ বনজিতৰ চিকিৎসা কৰি আহিছে বিভিন্ন চিকিৎসালয়ত ৷ দীৰ্ঘদিন ধৰি গুৱাহাটীস্থিত জিএমচিএইচত পুত্ৰ বনজিতৰ চিকিৎসা কৰি আহিছে যদিওঁ পুত্ৰৰ ৰোগ নিৰাময় হোৱা নাই ৷ সুদিৰ্ঘ ৮ বছৰে টংকেশ্বৰে নিজৰ টেম্পো গাড়ী লগতে দোকানৰ কোঠাটো বিক্ৰী কৰি পুত্ৰৰ চিকিৎসা কৰি আহিছে ৷

আতি দৰিদ্ৰ টংকেশ্বৰ দাসে পুত্ৰ বনজিৎ দাসৰ চিকিৎসা নামত সকলো ধন সম্পত্তি শেষ হোৱাত মুখ্যমন্ত্ৰীলৈ সহায়ৰ কাতৰ আহ্বান কৰিছে ৷ লগতে কোনো সদাশয় ব্যক্তিয়ে যদি টংকেশ্বৰ দাসৰ পুত্ৰ বনজিৎক সহায় কৰিব বিচাৰে তেনেহলে টংকেশ্বৰ দাসৰ পত্নীৰ একাউণ্টত যোগেদি সহায় কৰাৰ আহ্বান জনাইছে ৷ ৰঙিয়াস্থিত The Assam Co-operative Apex Bank Ltd একাউণ্ট নম্বৰটো হল 161042010016685 SRI MAMANI DAS IFSC CODE= HDFC0CACABL এই একাউণ্টৰ যোগেদি টংকেশ্বৰ দাসে ৰাইজলৈ সহায় কৰাৰ আহ্বান জনাইছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande