গুজৰাটঃ কংগ্ৰেছৰ পৰা পদত্যাগ হাৰ্দিক পেটেলৰ
নতুন দিল্লী, ১৮ মে’ (হি.স.)। গুজৰাট কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হাৰ্দিক পেটেলে দলৰ সকলো পদৰ পৰা পদত্যাগ
Hardik Patel


নতুন দিল্লী, ১৮ মে’ (হি.স.)। গুজৰাট কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হাৰ্দিক পেটেলে দলৰ সকলো পদৰ পৰা পদত্যাগ কৰিছে। বুধবাৰে তেওঁ এই তথ্য টুইট কৰে।

কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰা পত্ৰত পেটেলে কয় যে কংগ্ৰেছত যুৱক-যুৱতীসকলক সন্মান কৰা নহয়। এই দলটোৱে কেৱল প্ৰতিবাদৰ ৰাজনীতিহে কৰিছে। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব আৰু ৰাজ্যিক কংগ্ৰেছ নেতৃত্ব তৃণমূল পৰ্যায়ত কাম কৰাত ব্যৰ্থ হৈছে। দিল্লীৰ শীৰ্ষ নেতৃত্বক সন্তুষ্ট কৰাত নিয়োজিত হৈ থাকে ৰাজ্য কংগ্ৰেছৰ দায়িত্বশীল নেতাসকল। তেওঁলোক জনসাধাৰণ আৰু তেওঁলোকৰ কল্য়াণৰ চিন্তাৰ পৰা আঁতৰত আছে।

পেটেলে কয় যে তেওঁ যোৱা তিনি বছৰ ধৰি উপলব্ধি কৰি আহিছে যে এই দলটো কেৱল বিৰোধৰ ৰাজনীতিতহে নিয়োজিত। জনসাধাৰণৰ আৱেগ বুজিবলৈ ব্যৰ্থ হৈছে কংগ্ৰেছ। তেওঁ কয় যে বিগত বছৰবোৰত সেয়া চি এ এৰ বিষয় হওক, ৰাম মন্দিৰৰ বিষয় হওক বা ৩৭০ নং অনুচ্ছেদ বাতিলৰ বিষয় হওক, কংগ্রেছ কেৱল প্রতিবাদত নিয়োজিত হৈ আছিল ৷ এই দলটোৱে জনসাধাৰণ আৰু তেওঁলোকৰ আৱেগক অসন্মান কৰি আহিছে।

পেটেলে কয় যে গুজৰাটৰ জনসাধাৰণেও তেওঁক কংগ্ৰেছত কিয় আছে বুলি সুধিবলৈ আৰম্ভ কৰিছিল। দলৰ শীৰ্ষ নেতৃত্বই গুজৰাটক ঘৃণা কৰা বুলিও অভিযোগ উত্থাপন কৰিছে।

উল্লেখযোগ্য যে আজি হার্দিকে কংগ্রেছৰ সকলো পদৰ পৰা আৰু দলৰ প্রাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰিছে৷ সূত্ৰই প্ৰকাশ কৰিছে যে তেওঁ হয়তো বিজেপিত যোগদান কৰিব। অৱশ্যে পেটেলে এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই।

হিন্দুস্থান সমাচাৰ/আশুতোষ/অৰৱিন্দ/মনোজ


 rajesh pande