বানপানীৰ কবলত পূৱ মঙ্গলদৈৰ বৃহত্তৰ অঞ্চল
–পানীৰ তলত কৃষকৰ শ শ বিঘাৰ মাকৈ, মৰাপাট বৰো ধানৰ লগতে শাক পাচলি দৰং, ১৮ মে’ (হি.স.): বিগত কিছুদ
বানপানীৰ কবলত পূৱ মঙ্গলদৈৰ বৃহত্তৰ অঞ্চল


–পানীৰ তলত কৃষকৰ শ শ বিঘাৰ মাকৈ, মৰাপাট বৰো ধানৰ লগতে শাক পাচলি

দৰং, ১৮ মে’ (হি.স.): বিগত কিছুদিন ধৰি অব্যাহত থকা মুষলধাৰ বৰষুণৰ ফলত দৰঙৰ দলগাঁও আৰু পূৱ মঙলদৈৰ বিভিন্ন অঞ্চল বানৰ কৱলত পৰিছে। টাংনী নদী, চোকাজানী নদী আৰু ধনশিৰী নদীৰ বাঢ়নী পানীৰ ফলত কেইবাখনো গাঁৱৰ শ শ বিঘা খেতি পথাৰ এতিয়া পানীত বুৰ গৈছে।

পূৱ মঙলদৈৰ ধুলা ,ওজাগাও,মাগুৰমাৰী আদি বৃহত্তৰ অঞ্চলৰ মাকৈ, শাক- পাচলি , কৃষকৰ বিঘাই বিঘাই ধাননি পথাৰৰ লগতে মৰাপাট খেতি প্লাৱিত হয় । পাচলিৰ জুইচাই দাম আৰু পকিবলৈ ধৰা বৰোধান চপোৱাৰ আগ মহূৰ্তত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ বাঢ়নী পানীয়ে সপোনৰ খেতি পথাৰ সমূহ প্লাবিত কৰাত মুৰে কপালে হাত দিবলগীয়া হৈছে কৃষক সকল । একেদৰে মীন পালকসকলৰ পুখুৰী পানীয়ে প্লাবিত কৰাত লাখ লাখ টকা লোকচানৰ সন্মুখীন হ’ব লগীয়া হৈছে মৎস পালকৰ লগতে খেতিয়ক সকল।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande