এপ্ৰিল মাহৰ জিএছটি দাখিলৰ দিন ২৪ মে'লৈ বৃদ্ধি
নতুন দিল্লী, ১৮ মে’ (হি.স.)। কৰদাতাসকলক সকাহ দি চৰকাৰে ২৪ মে’লৈ বৃদ্ধি কৰিছে জিএছটি প্ৰদানৰ দিন। কেন
GST1


নতুন দিল্লী, ১৮ মে’ (হি.স.)। কৰদাতাসকলক সকাহ দি চৰকাৰে ২৪ মে’লৈ বৃদ্ধি কৰিছে জিএছটি প্ৰদানৰ দিন। কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক ব’ৰ্ডে টুইট কৰি এই তথ্য প্ৰদান কৰিছে।

চিবিআইচিয়ে গভীৰ নিশা টুইট কৰি কয় যে ২০২২ চনৰ এপ্ৰিলৰ বাবে প্ৰ-পত্ৰ জিএছটিআৰ-৩বি দাখিলৰ সময়সীমা ২০২২ চনৰ ২৪ মে’লৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ লগতে ইনফ’ছিছকো এই সমস্যা অতি সোনকালে সমাধান কৰিবলৈ কোৱা হৈছে। দৰাচলতে জি এছ টি প’ৰ্টেলত কাৰিকৰী ত্ৰুটিৰ বাবে কৰদাতাসকলে জি এছ টি আৰ-৩ বি দাখিল কৰাত সমস্যাৰ সন্মুখীন হৈছিল।

চিবিআইচিয়ে জাৰি কৰা এক বিবৃতি অনুসৰি ২০২২ চনৰ এপ্ৰিল মাহৰ জিএছটিআৰ-২বি প্ৰজন্ম আৰু জিএছটি পৰ্টেলত জিএছটিআৰ-৩বি অটো জেনেৰেচনত কাৰিকৰী অসুবিধাৰ সৃষ্টি হৈছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে দাখিলৰ সময়সীমা বৃদ্ধি কৰিছে। ইয়াৰ লগতে ইনফ’ছিছক ইয়াক সংশোধন কৰিবলৈ কোৱা হৈছে। উল্লেখ্য় যে ২০১৫ চনত জি এছ টি আৰু ইয়াৰ ৰক্ষণাবেক্ষণৰ কাৰিকৰী দায়িত্ব চম্ভালিবলৈ ইনফ’ছিছে ১৩৮০ কোটি টকাৰ চুক্তি লাভ কৰিছিল ।

হিন্দুস্থান সমাচাৰ/প্ৰজেশ শংকৰ/ অৰৱিন্দ/মনোজ


 rajesh pande