অপৰিৱৰ্তিত দৰং জিলাৰ বান পৰিস্থিতি
–উপায়ুক্তই পৰিদৰ্শন কৰে ৰাষ্ট্ৰীয় ঘাইপথৰ বানাক্ৰান্ত অংশ দৰং, ১৮ মে’ (হি স)। আজিওঁ অপৰিৱৰ্তিত হৈ থ
অপৰিৱৰ্তিত দৰং জিলাৰ বান পৰিস্থিতি


–উপায়ুক্তই পৰিদৰ্শন কৰে ৰাষ্ট্ৰীয় ঘাইপথৰ বানাক্ৰান্ত অংশ

দৰং, ১৮ মে’ (হি স)। আজিওঁ অপৰিৱৰ্তিত হৈ থাকে দৰং জিলাৰ বানপানীৰ পৰিস্থিতি । জিলাখনৰ এতিয়ালৈকে দলগাওঁ, মঙলদৈ, পাথৰিঘাট আৰু ছিপাঝাৰ ৰাজহ চক্ৰৰ ১৪২ খন গাওঁ বানৰ কবলত পৰিছে আৰু প্ৰায় ৬০,৫৬২ জন লোক ক্ষতিগ্ৰস্ত হৈছে । উক্ত ৰাজহ চক্ৰৰ অন্তৰ্গত ৭৮৫২.৬০ হেক্টৰ কৃষিভূমি অঞ্চল প্লাবিত হৈছে । তদুপৰি ৪১১০০ টা পশুধন বানৰ কবলত পৰিছে । মঙলদৈ আৰু পাথৰিঘাট ৰাজহ চক্ৰৰ অধীনত মুঠ ১৩ টা সাহাৰ্য্য শিৱিৰ ইতিমধ্যে জিলা প্ৰশাসনে স্থাপন কৰিছে ।

আনহাতে মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত শাকতোলাৰ পৰা পিপৰাদোকানৰ মাজৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় ৭০০ মিটাৰ অংশটো বানৰ কবলত পৰে । দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই বানাক্ৰান্ত অংশটো পৰিদৰ্শন কৰে আৰু সাময়িকভাৱে পথচোৱাৰ ওপৰেদি যাতায়ত বন্ধ কৰিবলৈ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ক নিৰ্দেশ প্ৰদান কৰে ।

উপস্থিত সাংবাদিক সকলৰ সৈতে মত বিনিময় কৰি উপায়ুক্ত গৰাকীয়ে কয় যে জিলা প্ৰশাসনে তৎপৰতাৰে বান পৰিস্থিতিৰ তদাৰক কৰি আছে আৰু সকলো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সষ্টম হৈ আছে । দুৰ্গত সকলক জৰুৰীভাৱে সাহাৰ্য্য প্ৰদানৰ বাবে সকলো সংশ্লিষ্ট বিভাগে পদক্ষেপ গ্ৰহণ কৰি থকা বুলি তেওঁ জনায় ।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande