গোৰ্খাসকল অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ–মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
–অসম গোৰ্খা সন্মিলনৰ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা–ডি ভোটাৰ সন্দৰ্ভত গোৰ্খা সকলক হাৰাশাস্তি ন
মুখ্য়মন্ত্ৰী


–অসম গোৰ্খা সন্মিলনৰ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা–ডি ভোটাৰ সন্দৰ্ভত গোৰ্খা সকলক হাৰাশাস্তি নকৰিবলৈ আৰক্ষীক নিৰ্দেশ

বাক্সা, ১৮ মে’ (হি স)। বাক্সাৰ নিকাছিত অসম গোৰ্খা সন্মিলনৰ ২৭ তম কেন্দ্ৰীয় অধিবেশনৰ মুকলি সভাত অংশ গ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ অসম গোৰ্খা সন্মিলনৰ সভাপতি ৰাম প্ৰসাদ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যদি মৰিবলৈ ভয় নকৰা জাতি আছে তেনেহলে সেই জতিটোৱে হৈছে গোৰ্খা সকল। মুকলি সভাত গোৰ্খাসকলৰ ইতিহাস বৰ্ণনা কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে গোৰ্খা সকল অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অঙ্গ বুলি অভিহিত কৰে।

মুখ্য়মন্ত্ৰীগৰাকীয়ে কয় যে অসমত বসবাস কৰা বিভিন্ন খিলঞ্জীয়া জাতি সকলৰ ভিতৰত গোৰ্খা সকল অতি পুৰণি জনগোষ্ঠী । গোৰ্খা সকলক একাংশ লোকে বিদেশী বুলি ক'ব বিছাৰে, কিন্তু এয়া ভুল কথা। মানৰ আক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ দিনৰে পৰা ইংৰাজৰ বিৰুদ্ধে কৰা স্বাধীনতা আন্দোলনলৈ গোৰ্খা সকলৰ অৱদান অনস্বীকাৰ্য্য। আনহাতে গোৰ্খা সকলৰ ভূমি সমস্যা, জাতিৰ প্ৰমাণ পত্ৰৰ সমস্যা, শিক্ষাৰ সমস্যাকে ধৰি বিভিন্ন সমস্য়া সমূহ শীঘ্ৰে দূৰ কৰিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে জাতিৰ প্ৰমানপত্ৰ গোৰ্খাসকলৰ নৱম শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰসকলক প্ৰদান কৰিবলৈ নিৰ্দেশনা দিয়ে ৷ আনকি ডি ভোটাৰৰ সন্দৰ্ভতো গোৰ্খাসকলক হাৰাশাস্তি নকৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে ৷

আজিৰ এই সভাতে মুখ্য মন্ত্ৰী গৰাকীয়ে গোৰ্খা উন্নয়ন পৰিষদৰ বাবে পচিশ কোটি টকাৰ এক কালীন অনুদান ঘোষণা কৰে । সভাত বি টি আৰ প্ৰধান প্ৰমোদ বড়োৱে ভাষণ প্ৰদান কৰে। তেখেতে বি টি আৰ ত মাটি বাৰীকে ধৰি গোৰ্খা সকলে সন্মূখীন হৈ থকা বিভিন্ন সমস্যা সমূহ সমাধান কৰাৰ লগতে বড়োলেণ্ড বিশ্ববিদ্যালয়ত নেপালী ভাষাৰ বিভাগ এটা শীঘ্ৰে মুকলি কৰাৰ কথা ঘোষণা কৰে।

উল্লেখ্য যে পুৱাৰ ভাগত অধিবেশনথলীৰ পৰা বাৰে ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে গোৰ্খা উন্নয়ণ পৰিষদৰ উপাধ্যক্ষ ৰাম দাহালে ৷ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক সমাহাৰেৰে মিলনভূমিত পৰিণত হয় নিকাছিৰ অধিবেশনথলী ৷ অসম গোৰ্খা সন্মিলনৰ বিদায়ী সভাপতি ৰাম প্ৰসাদ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথ গোৰ্খা উন্নয়ন পৰিষদৰ সভাপতি প্ৰেম তামাংকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকে ৷

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande