(আপডেট) শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ বাৰ্মিজ সুপাৰি জব্দ
কোকৰাঝাৰ, ১৮ মে (হি.স.)। কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ বাৰ্মিজ সুপাৰি জব্দ। শ্ৰীৰামপুৰত আ
শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ বাৰ্মিজ সুপাৰি জব্দ  । 


কোকৰাঝাৰ, ১৮ মে (হি.স.)। কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ বাৰ্মিজ সুপাৰি জব্দ। শ্ৰীৰামপুৰত আৰক্ষীয়ে অভিযান চলায় ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত গোপনে ৰখাই থোৱা এখন দহ চকীয়া ট্ৰাকৰ পৰা জব্দ কৰে বাৰ্মিজ চুপাৰি সমূহ। ট্ৰাকখনত প্ৰায় ৫৪৬০ কেজি ওজনৰ বাৰ্মিজ চুপাৰি উদ্ধাৰ।

ট্ৰাকখনত বাৰ্মিজ চুপাৰিখিনি পুৰণি কাৰ্টুনৰ টুকুৰাৰে ভৰাই আনিছিল। ট্ৰাকখনত মুঠ ৭৮ বস্তা বাৰ্মিজ চুপাৰি আছিল। জব্দকৃত বাৰ্মিজ চুপাৰিখিনিৰ বজাৰ মূল্য প্ৰায় ৪০ লাখ বুলি জানিব পৰা গৈছে। বাৰ্মিজ চুপাৰি সমূহ ইম্ফলৰ পৰা গুৱাহাটীলৈ আনি আছিল। কোনো ভূলবশতঃ ট্ৰাকখন শ্ৰীৰামপুৰ লৈ আহিছিল। আৰক্ষীয়ে জে কে ২২ বি ৬০৩৮ নম্বৰৰ ট্ৰাকখনৰ লগতে মোজ্জামেল আহমেদ নাজাৰ (২৯) আৰু সহচালক শাকুইব গৌহাৰ (১৮) ক গ্ৰেপ্তাৰ কৰে। ইফালে ট্ৰাকখনৰ চালক আৰু সহকাৰী চালক, দুয়োৰে ঘৰ জম্মু কাশ্মীৰৰ পুলৱামা জিলাত বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে দুয়োকে অধিক তথ্যৰ বাবে সোধপোচ চলায় আছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/আলোক.


 rajesh pande