গোলাঘাট, ১৮ মে’ (হি.স.):গোলাঘাটত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ । পাঁচ শতাধিক লোকৰ উপস্থিতিত সাব্যস্ত কৰে উক্ত প্ৰতিবাদ । গোলাঘাট জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত আজি চাহ বাগিছা উচ্ছেদ বন্ধ কৰাৰ দাবীত আৰু কাছাৰৰ ডলো চাহ বাগিছাৰ শ্ৰমিক সকলক চলোৱা নিৰ্যাতনৰ প্ৰতিবাদত জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতা সকলে ।
বি জে পি চৰকাৰ গ বেক, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ,কেন্দ্ৰীয় চৰকাৰ হায় হায় আদি বিভিন্ন শ্ল গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী । শীঘ্ৰে যদি চৰকাৰে এওঁ লোকৰ দাবী সমূহ মানি নলয় তেনেহলে ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদ কাৰী সকলে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ