দৰঙৰ দলগাঁৱত ৩৫টা চোৰাং গৰুসহ এখন ট্ৰাক জব্দ
দৰং, ১৮ মে’ (হি স)। দৰঙৰ দলগাঁৱত আৰক্ষীয়ে জব্দ কৰিছে ৩৫টা চোৰাং গৰুসহ এখন ট্ৰাক৷ দৰঙৰ দলগাঁও থানাৰ
পশুধন


দৰং, ১৮ মে’ (হি স)। দৰঙৰ দলগাঁৱত আৰক্ষীয়ে জব্দ কৰিছে ৩৫টা চোৰাং গৰুসহ এখন ট্ৰাক৷ দৰঙৰ দলগাঁও থানাৰ যানবাহন আৰক্ষীয়ে লালপুলৰ বৰঘূলি অঞ্চলৰ পৰা গৰুসহ ট্ৰাক খন জব্দ কৰে ৷

লালপুল বৰঘূলী অঞ্চলত বিআৰ ১১ জিচি ৩০৮১ নম্বৰৰ চৈধ্য চকীয়া ট্ৰাক এখনৰ পৰা নমাই থাকোতে ট্ৰাকসহ গৰুকেইটা জব্দ কৰে৷ ট্ৰাকখনত থকা এজন বেপাৰী সহ তিনিজনক আটক কৰা হৈছে ৷ আৰক্ষী সূত্ৰই জানিবলৈ দিয়ামতে, ধেমাজীৰ পৰা চোৰাংকৈ লৈ অনা হৈছিল গৰু কেইটা ৷

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande