মাৰিঅপল ষ্টীল প্লাণ্টৰ সংঘৰ্ষই দিছে সমাপ্তিৰ সংকেত
কিয়েভ, ১৭ মে’ (হি.স.)। ইউক্ৰেইনৰ এটা গাৰ্ড ইউনিটে সোমবাৰে মাৰিঅপলৰ আজহ’ভষ্টাল তীখা উদ্যোগত আত্মগোপন
mariopol steel plant


কিয়েভ, ১৭ মে’ (হি.স.)। ইউক্ৰেইনৰ এটা গাৰ্ড ইউনিটে সোমবাৰে মাৰিঅপলৰ আজহ’ভষ্টাল তীখা উদ্যোগত আত্মগোপন কৰি থকা ইউক্ৰেইনৰ সৈন্যক জনোৱা মতে, তেওঁলোকৰ আউটপোষ্টে সৈন্যক বচাবলৈ দিয়া নিৰ্দেশ পূৰণ কৰি আছে। এনে অৱস্থাত উদ্যোগটোত দীৰ্ঘদিন ধৰি চলি থকা ঘেৰাও অৱস্থান শেষ হ’বলৈ ওলোৱাৰ এয়া এক স্পষ্ট লক্ষণ।

প্ৰায় তিনিমাহ ধৰি ৰাছিয়া আক্ৰমণৰ সময়ত ধ্বংসযজ্ঞ চলি থকা মাৰিঅপলৰ আজ’ভষ্টালৰ যুদ্ধ ইউক্ৰেইনৰ প্ৰতিৰোধৰ প্ৰতীক। ছোভিয়েট যুগৰ বিশাল উদ্যোগটোত আশ্ৰয় লোৱা অধিকাংশ সাধাৰণ নাগৰিকক চলিত মাহৰ আৰম্ভণিতে খালী কৰা হৈছিল। আজ’ভ ৰেজিমেণ্টে ছ’চিয়েল মিডিয়াত এক পোষ্টৰ জৰিয়তে কয় যে সমগ্ৰ মাৰিঅপল গেৰিচনে সৈন্যসকলৰ জীৱন ৰক্ষাৰ বাবে উচ্চতম সামৰিক কমাণ্ডৰ অনুমোদিত সিদ্ধান্ত কাৰ্যকৰী কৰি আছে আৰু ইউক্ৰেইনৰ জনসাধাৰণৰ সমৰ্থনৰ বাবে আগ্ৰহী।

ৰাছিয়াৰ নিয়ন্ত্ৰিত নভোয়াজ’ভস্ক চহৰত আহত ইউক্ৰেইনৰ সৈন্যক চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱাৰ বাবে ৰাছিয়াই সন্মতি দিয়াৰ পিছতে এই ভিডিঅ’টো প্ৰকাশ কৰা হৈছে।

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিযোগে প্ৰকাশ কৰিছে যে আহতসকলক উচ্ছেদ কৰাৰ ক্ষেত্ৰত এক চুক্তিত উপনীত হৈছে। এটা মানৱীয় কৰিডৰ মুকলি কৰা হৈছে যাৰ জৰিয়তে আহত ইউক্ৰেইনৰ সৈন্যক নোভাজ’ভস্কৰ চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱা হৈছে।

ইউক্ৰেইনৰ উপ প্ৰতিৰক্ষা মন্ত্ৰী হান্না মালায়াৰে পূৰ্বে ইউক্ৰেইনৰ টেলিভিছনক জনাইছিল যে যিকোনো তথ্যই চলি থকা প্ৰক্ৰিয়াসমূহৰ ক্ষতি কৰিব পাৰে।

হিন্দুস্থান সমাচাৰ / অজিত/ বিশ্মিতা/মনোজ


 rajesh pande