ৰাছিয়া ত্যাগ কৰিব মেকড'নাল্ডছে
মস্কো, ১৭ মে’ (হি.স.)। ৰাছিয়াই ইউক্ৰেইনক কৰা আক্ৰমণৰ পাছৰে পৰা দেশখনৰ ওপৰত ক্ৰমান্বয়ে নিষেধাজ্ঞাৰ
mcdonald


মস্কো, ১৭ মে’ (হি.স.)। ৰাছিয়াই ইউক্ৰেইনক কৰা আক্ৰমণৰ পাছৰে পৰা দেশখনৰ ওপৰত ক্ৰমান্বয়ে নিষেধাজ্ঞাৰ বোজা পৰিছে। ফলত বিশ্ববিখ্যাত ফাষ্ট ফুড কোম্পানী মেকড’নাল্ডছে ৰাছিয়াত ব্যৱসায় বন্ধ কৰিছে। কৰ্পৰেট দিশৰ প্ৰতি সঁহাৰি জনাই দেশত ব্যৱসায় বন্ধ কৰাৰ সিদ্ধান্ত লৈছে মেকড’নাল্ডছে।

উল্লেখযোগ্য যে ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ পিছত ৰাছিয়াত ব্যৱসায় কৰি থকা বহু পশ্চিমীয়া কোম্পানীয়ে দেশখনত ব্যৱসায় বন্ধ কৰি দিছে। যোৱা ৩০ বছৰ ধৰি ৰাছিয়াত ব্যৱসায় কৰি আহিছে মেকড’নাল্ডছে।

মেকড’নাল্ডছে এক বিবৃতিত কয় যে কোম্পানীটোৱে ৰাছিয়াত থকা সমগ্ৰ পৰ্টফলিঅ’টো এজন স্থানীয় ব্যৱসায়ীক বিক্ৰী কৰাৰ চেষ্টা কৰিছে। আউটলেট ক্ৰয় কৰা কোম্পানীটোৰ নাম আৰু ব্ৰেণ্ড ব্যৱহাৰ কৰাৰ অনুমতি দিয়া নহ’ব। অৱশ্যে কোম্পানীটোৱে ৰাছিয়াত নিজৰ ট্ৰেডমাৰ্ক বজাই ৰাখিব বুলি কৈছে।

তথ্য অনুসৰি কোম্পানীটোৰ ৰেষ্টুৰেণ্টসমূহ সাময়িকভাৱে বন্ধ কৰি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ৰাছিয়াৰ পৰ্টফলিঅ’ বিক্ৰীৰ ফলত কোম্পানীটোৱে ১২-১.৪ বিলিয়ন ডলাৰ লোকচান হ'ব বুলি আশা কৰিছে। ইউক্ৰেইনত থকা ৰেষ্টুৰেণ্টসমূহ বন্ধ থকাৰ সময়তে কৰ্মচাৰীসকলক সম্পূৰ্ণ মজুৰি দি থাকিব বুলি মেকড’নাল্ডছে প্ৰকাশ কৰিছে।

হিন্দুস্থান সমাচাৰ / অজিত/ বিশ্মিতা/মনোজ


 rajesh pande