'নিকম্মা'ৰ সৈতে পুনৰ ছ'চিয়েল মিডিয়ালৈ ঘূৰি আহিছে শিল্পা শ্বেট্টী
ঃজনপ্ৰিয় অভিনেত্ৰী শিল্পা শ্বেট্টীয়ে কিছুদিন পূৰ্বে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি কিছুদি
nikamma


ঃজনপ্ৰিয় অভিনেত্ৰী শিল্পা শ্বেট্টীয়ে কিছুদিন পূৰ্বে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি কিছুদিনৰ পৰা ছ’চিয়েল মিডিয়াৰ পৰা বিদায় লৈছিল বুলি জনাইছিল। শিল্পাই অনুৰাগীসকলক জনাইছিল যে তেওঁ কিছু বিৰক্ত হৈছে। সামাজিক মাধ্যমত সকলো একেই দেখে। ইয়াৰ বাবেই তেওঁ এই মঞ্চৰ পৰা কিছুদিনৰ বাবে আঁতৰি গৈছিল। যেতিয়ালৈকে তেওঁ নতুন অৱতাৰ নাপায় তেতিয়ালৈকে ঘূৰি নাহে বুলিও কৈছিল। সমান্তৰালকৈ এই পোষ্টটোৰ প্ৰায় চাৰিদিন পিছত সোমবাৰে পুনৰ ছ’চিয়েল মিডিয়ালৈ ঘূৰি আহিছে শিল্পা শ্বেট্টীয়ে নতুন অৱতাৰ লৈ।

সোমবাৰে শিল্পা শ্বেট্টীয়ে ছ’চিয়েল মিডিয়াত মুকলি কৰে তেওঁৰ আগন্তুক ছবি নিকাম্মাৰ মোচন পোষ্টাৰ। য’ত তেওঁক ছুপাৰ উমেনৰ গেটআপত দেখা গৈছে। ইয়াৰ লগতে শিল্পাই ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰোতে আৰু ছবিখনত তেওঁৰ চৰিত্ৰটোৰ ওপৰত থকা ছাচপেন্স আঁতৰাই কৈছে যে ১৭ মে’ত ছবিখনৰ ট্ৰেইলাৰটো মুক্তি পাইছে আৰু ইয়াত তেওঁৰ চৰিত্ৰটোৰ নাম অভনী।

নিকম্মা ছবিখনত শিল্পা শ্বেট্টীৰ সৈতে মুখ্য চৰিত্ৰত দেখা যাব অভিমন্যু দছানী, শ্বাৰলী ছেতিয়াক। ‘সিদ্ধ’ৰ চৰিত্ৰত অভিমন্যু দাসনী আৰু ‘ছিয়া’ৰ চৰিত্ৰত শ্বাৰলী ছেতিয়াক দেখা যাব। ছবিখনত একচনৰ লগতে দৰ্শকে ৰোমাঞ্চ আৰু কমেডী চাবলৈ সুবিধা লাভ কৰিব।চনী পিকচাৰ্ছ আৰু শ্বাব্বিৰ খান ফিল্মছে যৌথভাৱে প্ৰযোজনা কৰিছে ছবিখন। প্ৰযোজক হিচাপে শ্বাবীৰৰ এইখনেই হ’ব প্ৰথমখন ছবি। আনহাতে এইখন ছবি পৰিচালনা কৰিছে শ্বাব্বীৰ খানে। ১৭ জুনত মুক্তি পাব ছবিখন।

হিন্দুস্থান সমাচাৰ/সূৰভি/ বিশ্মিতা/মনোজ


 rajesh pande