ভাৰতী সিঙে কাক আৰু কিয় ক্ষমা খুজিলে
ঃবিখ্যাত কমেডিয়ান অভিনেত্ৰী ভাৰতী সিঙৰ এটা ভিডিঅ’ শেহতীয়াকৈ ভাইৰেল হৈ পৰিছিল ছ’চিয়েল মিডিয়াত। এই
bharti singh


ঃবিখ্যাত কমেডিয়ান অভিনেত্ৰী ভাৰতী সিঙৰ এটা ভিডিঅ’ শেহতীয়াকৈ ভাইৰেল হৈ পৰিছিল ছ’চিয়েল মিডিয়াত। এই ভিডিঅ’টোত ভাৰতী সিঙে এটা শ্ব’ত দাড়ি আৰু গোঁফক লৈ কমেডী কৰা দেখা গৈছিল। যাৰ বাবে তেওঁক তীব্ৰ সমালোচনা কৰা হৈছে আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তে বহু লোকে তেওঁৰ বিৰোধিতা কৰিছে।

একে সময়তে ভাৰতী সিঙে সোমবাৰে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি এই সমগ্ৰ বিষয়টোত নিজৰ স্পষ্টীকৰণ দাঙি ধৰিছে। ভিডিঅ’টোত ভাৰতীয়ে কৈছে ‘মই সেই ভিডিঅ’টো বাৰে বাৰে দেখিছো। অনুগ্ৰহ কৰি আপোনালোকেও সেই ভিডিঅ’টো চাব। মই কোনো ধৰ্ম বা জাতিৰ বিষয়ে ক’তো কোৱা নাই যে এই ধৰ্মৰ মানুহে দাড়ি ৰাখে আৰু এয়া এটা সমস্যা। আপোনালোকে ভিডিঅ’টো চাওক। মই কোনো পাঞ্জাবীৰ বিষয়ে কোৱা নাছিলো যে পাঞ্জাবী মানুহৰ দাড়ি বা দাড়িৰ গোঁফ আছে। ই এটা সমস্যা... বন্ধুৰ লগত কমেডী কৰি আছিলো। দুখ পালে ক্ষমা বিচাৰিছো। মই নিজেই পাঞ্জাবী আৰু মোৰ জন্ম অমৃতসৰত হৈছিল। সেইবাবেই মই পঞ্জাৱক সম্পূৰ্ণ শ্ৰদ্ধা দিম। মই এজনী পাঞ্জাবী হোৱাৰ বাবে গৌৰৱ অনুভৱ কৰিছো। সম্প্ৰৰী ভাৰতী সিঙৰ এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

একে সময়তে শিখৰ শীৰ্ষ সংস্থা শিৰোমণি গুৰদ্বাৰা প্ৰবন্ধক কমিটিয়ে ভাৰতী সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ প্ৰস্তুতি চলাইছে। এনে অৱস্থাত এছ জি পি চিয়ে ভাৰতীৰ ক্ষমাপ্ৰাৰ্থনা মানি লয় নে নলয় সেয়া লক্ষ্যণীয় হ’ব।

হিন্দুস্থান সমাচাৰ/সূৰভি/ বিশ্মিতা/মনোজ


 rajesh pande