পত্নী কেটৰিনা কাইফৰ সৈতে জন্মদিন উদযাপন কৰিছে বিকি কৌশলে
ঃঅভিনেতা বিকি কৌশলৰ আজি ৩৪ সংখ্যক জন্মদিন। এই বিশেষ দিনটোত বিকি কৌশল আৰু কেটৰিনা কাইফ দুয়োগৰাকীয়ে
katrina kaif


ঃঅভিনেতা বিকি কৌশলৰ আজি ৩৪ সংখ্যক জন্মদিন। এই বিশেষ দিনটোত বিকি কৌশল আৰু কেটৰিনা কাইফ দুয়োগৰাকীয়ে ৰোমান্টিক ষ্টাইলত দেখা গৈছে। বিকি কৌশল আৰু কেটৰিনা কাইফ বৰ্তমান নিউয়ৰ্কত অৱসৰ বিনোদনত ব্যস্ত হৈ আছে। এই সময়ছোৱাত কেটৰিনাই বিকি কৌশলৰ জন্মদিনত অনুৰাগীসকলৰ সৈতে দুখন ফটো শ্বেয়াৰ কৰিছে। ফটো দুখনত দুয়োকে ৰোমান্টিক ষ্টাইলত দেখা গৈছে। ইয়াৰ লগতে বিকিৰ জন্মদিনত অভিনন্দন জনাই কেটৰিনাই লিখিছে ‘নিউয়ৰ্ক ৱালা বাৰ্থডে। মোৰ প্ৰিয়তম. তুমি সকলো ভাল কৰিলা'।

আনহাতে কেটৰিনাৰ এই পোষ্টটোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিকি কৌশলে লিখিছে - 'বাৰ্থডে মেৰিড'।

কেটৰিনাৰ পোষ্টটোৰ প্ৰতি বিকিৰ উত্তৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে আৰু অনুৰাগীসকলে বিকিক জন্মদিনৰ শুভেচ্ছা জনাইছে।

উল্লেখ্য যে ২০২১ চনৰ ৯ ডিচেম্বৰত তেওঁ অভিনেত্ৰী কেটৰিনা কাইফৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কৰ্মক্ষেত্ৰত কেটৰিনা কাইফক অতি সোনকালে ফোন ভূত, মেৰী ক্ৰীছমাছ, টাইগাৰ ৩ ছবিত দেখা যাব। আনহাতে, গোবিন্দ নাম মেৰা, দ্য গ্ৰেট ইণ্ডিয়ান ফেমিলি আৰু দুখন শিৰোনামহীন ছবিত অভিনয় কৰা দেখা যাব।

হিন্দুস্থান সমাচাৰ/সূৰভি/ বিশ্মিতা/মনোজ


 rajesh pande