চীনা নাগৰিকৰ নিৰাপত্তাৰ আশ্বাস শ্বাহবাজ শ্বৰীফৰ
ইছলামবাদ, ১৭ মে’ (হি.স.)। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে সোমবাৰে চীনক আশ্বাস দি কয় যে পা
Shahbaz


ইছলামবাদ, ১৭ মে’ (হি.স.)। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে সোমবাৰে চীনক আশ্বাস দি কয় যে পাকিস্তানত চীনা নাগৰিকৰ সুৰক্ষাৰ বাবে চৰকাৰখনে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ। চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ (চিপিইচি)ৰ অধীনত ৬০ বিলিয়ন মাৰ্কিন ডলাৰৰ প্ৰকল্পসমূহ ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ আশ্বাসো শ্বৰীফে দিছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ মতে চীনৰ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত শ্বৰীফে দুয়োপক্ষই একেলগে কাম কৰি বিশেষ অৰ্থনৈতিক অঞ্চল (SEZ) সমূহ অতি সোনকালে সম্পূৰ্ণ কাৰ্যক্ষম কৰি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আলোচনাৰ সময়ত দুয়োখন দেশৰ নিজ নিজ সংস্থাৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে আলোচনাও কৰা হয়।

ইতিমধ্যে শ্বাহবাজ শ্বৰীফে চিপিইচিৰ প্ৰকল্পসমূহ ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিছে। চীনৰ উত্তৰ-পশ্চিম জিনজিয়াং আৰু বেলুচিস্তানৰ গাদৰ বন্দৰক সংযোগ কৰা আন্তঃগাঁথনি প্ৰকল্পৰ অংশ হিচাপে ৬০ বিলিয়ন ডলাৰৰ অভিলাষী চিপিইচি হৈছে ৩ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ। পাকিস্তান দখল কৰা কাশ্মীৰলৈকে সম্প্ৰসাৰণ কৰা হৈছে। ইয়াৰ বাবে ভাৰতে চীনৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা ব্যক্ত কৰিছে।

উল্লেখ্য় যে যোৱা মাহত কৰাচী বিশ্ববিদ্যালয়ৰ চৌহদত বাহনত সংঘটিত হোৱা বোমা বিস্ফোৰণত তিনিজন চীনা নাগৰিকসহ চাৰিজন লোক নিহত হৈছিল। চীনে তেওঁলোকৰ দেশৰ নাগৰিকৰ সুৰক্ষাক লৈ বহুবাৰ পাকিস্তানৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিছে। এতিয়া পাকিস্তান চৰকাৰে চীনক আশ্বাস দিছে যে তেওঁলোকৰ নাগৰিকৰ সঠিক সুৰক্ষাৰ বাবে দায়বদ্ধ পাক চৰকাৰ।

হিন্দুস্থান সমাচাৰ/মুকুন্দ/ বিশ্মিতা/মনোজ


 rajesh pande