মুম্বাই, ১৭ মে’ (হি.স.)। সোমবাৰে ডাঃ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ২০২২ৰ ৬৪ সংখ্যক মেচত দিল্লী কেপিটেলছে পঞ্জাৱ কিংছক ১৭ ৰানত পৰাস্ত কৰে। এই জয়ৰে দিল্লীয়ে ১৩ খন মেচত ১৪ পইণ্ট লাভ কৰি পইণ্ট টেবুলৰ চতুৰ্থ স্থানলৈ উন্নীত হৈছে।
পঞ্জাৱ কিংছে দিল্লীৰ ১৬০ ৰানৰ লক্ষ্য অনুসৰণ কৰি বিস্ফোৰক আৰম্ভনি কৰিছিল যদিও চতুৰ্থ অভাৰত এনৰিকে নৰ্টজে জনী বেয়াৰষ্টো (২৮ ৰান)ক আউট কৰে। ইয়াৰ পিছতে ইনিংছৰ ষষ্ঠ অভাৰত শৰদুল ঠাকুৰে পঞ্জাৱক দ্বৈত আঘাত কৰে। তেওঁ প্ৰথমে ভানুকা ৰাজাপাকছে (৪ ৰাণ) তাৰ পিছত শিখৰ ধাৱন (১৯ ৰাণ) পেভিলিয়নলৈ পঠিয়ায়। কেপ্তেইন মায়ংক আগৰৱালাৰ ফৰ্ম আজিও দুৰ্বল হৈ থাকিল আৰু একাউণ্ট খুলি নোখোৱাকৈয়ে তেওঁ অক্ষৰ পেটেলৰ বলি হয়।
ইয়াৰ পিছত কুলদীপ যাদৱে পণ্টৰ হাতত লিয়াম লিভিংষ্টনক ৩ ৰানৰ ব্যক্তিগত স্ক’ৰত ষ্টাম্প কৰে। জিতেশ শৰ্মাই এটা মূৰত ৰাণ সংগ্ৰহ কৰি থকাৰ বিপৰীতে আনটো ফালৰ পৰা উইকেট পতনৰ প্ৰক্ৰিয়া অব্যাহত থাকিল। ইফালে ১৮ অভাৰত ৪৪ ৰানৰ ক্লান্তিকৰ ইনিংছ খেলি জিতেশ শৰ্মাও আউট হয়। এনেদৰে ৯টা উইকেট হেৰুৱাই পঞ্জাবে নিৰ্ধাৰিত ২০ অভাৰত মাত্ৰ ১৪২ ৰানহে কৰিব পাৰিছিল।
দিল্লীৰ হৈ শৰদুল ঠাকুৰে ৪টা উইকেট দখল কৰাৰ বিপৰীতে দুয়োজন স্পিনাৰ অক্ষৰ পেটেল আৰু কুলদীপ যাদৱে দুটাকৈ উইকেট লাভ কৰে।
ইয়াৰ পূৰ্বে টছ পৰাস্ত হোৱাৰ পিছত বেটিং কৰি দিল্লী কেপিটেলছে ৭টা উইকেট হেৰুৱাই ১৫৯ ৰান সংগ্ৰহ কৰিছিল। দিল্লীৰ আৰম্ভণি ভাল নহ’ল ৷ ইনিংছৰ প্ৰথমটো বলতে আউট হয় ডেভিড ৱাৰ্নাৰে। ইয়াৰ পিছতে ইনিংছ চম্ভালি থকাৰ সময়তে সৰফৰাজ খান আৰু মিচেল মাৰ্ছে স্ক’ৰ বৃদ্ধি কৰিবলৈ আৰম্ভ কৰে। ইফালে, সৰফৰাজক ৩২ ৰান সংগ্ৰহ কৰি আউট কৰে আৰ্শদ্বীপে। চাৰি নম্বৰত বেটিং কৰিবলৈ অহা ললিত যাদৱে মাৰ্ছক ভালদৰে সমৰ্থন কৰিছিল। দুয়োৰে মাজত ৪৭ ৰানৰ অংশীদাৰিত্ব আছিল। ললিত যাদৱক (২৪ ৰাণ) আউট কৰি এই অংশীদাৰিত্ব ভংগ কৰে আৰ্শদ্বীপে।
অধিনায়ক পেণ্টে ৭ ৰান কৰাৰ পিছত সোনকালে আউট হয় আৰু ৰভমেন পাৱেলে ২ ৰান সংগ্ৰহ কৰে। এটা মূৰ ধৰি ৰখা মাৰ্ছে কাগিছ’ ৰাবাডাৰ পৰা ৬৩ ৰানত আউট হয়। অক্ষৰ পেটেলে ১৭ ৰানত অপৰাজিত হৈ থাকিল। পঞ্জাৱৰ হৈ আৰ্ছদীপ আৰু লিভিংষ্টনে তিনিটাকৈ উইকেট দখল কৰাৰ বিপৰীতে ৰাবাদাই এক ব্ৰেকথ্ৰু লাভ কৰে।
হিন্দুস্থান সমাচাৰ/আকাশ/ অৰৱিন্দ/মনোজ