খাৰুপেটীয়াত ছাত্ৰীক অশালীন ব্যৱহাৰ কৰা চৰকাৰী শিক্ষকক কাৰাগাৰলৈ প্ৰেৰণ
দৰং, ১৭ মে’(হি. স.)। দলগাঁও বিধান সভা সমষ্টিৰ খাৰুপেটীয়াত সংঘটিত হয় এক লজ্জাজনক ঘটনা । ছাত্ৰীক অশালী
আটক


দৰং, ১৭ মে’(হি. স.)। দলগাঁও বিধান সভা সমষ্টিৰ খাৰুপেটীয়াত সংঘটিত হয় এক লজ্জাজনক ঘটনা । ছাত্ৰীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগত কাৰাগাৰালৈ যাবলগীয়া হ’ল এগৰাকী চৰকাৰী শিক্ষক । শিক্ষক সমাজক লজ্জিত কৰা এই ঘটনাত খাৰুপেটীয়াৰ দীক্ষা একাডেমীৰ ছাত্ৰীক অশালীন ব্যৱহাৰ কৰাৰ বাবে জেলৰ ভাত খাবলগীয়া হ’ল দোস্ত মহম্মদ ছাফিক নামৰ চৰকাৰী শিক্ষকজনে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰী এগৰাকীক অশালীন ব্যৱহাৰ কৰাক কেন্দ্ৰ কৰি শিক্ষক দোস্ত মহম্মদ ছাফিক ৰাইজে উত্তম মধ্যম দি আৰক্ষীক গতাই দিয়ে।

উল্লেখ্য যে ২ নং মাগুৰমাৰী উত্তৰপাৰ পূৱ ছুৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দোস্ত মহম্মদ ছাফিয়ে খাৰুপেটীয়া নাগেশ্বৰ অঞ্চলত দীক্ষা একাডেমী নামেৰে এখন ব্যক্তিগত মাধ্যমৰ বিদ্যালয় চলাই আহিছিল ৷ বিদ্যালয়খনত থকা ছাত্ৰী নিৱাসৰ এগৰাকী ছাত্ৰীক শিক্ষকজনে অশালীন ব্যৱহাৰ কৰাত ছাত্ৰীগৰাকীয়ে বিষয়টো অভিভাৱকক অৱগত কৰাত ছাত্ৰীগৰাকীৰ অভিভাৱকজনে একাংশ ৰাইজক লৈ বিদ্যালয়খনত প্ৰৱেশ কৰি শিক্ষকজনক গণ প্ৰহাৰ কৰি আৰক্ষীক খবৰ দিয়ে ৷

খবৰ পাই খাৰুপেটীয়া আৰক্ষী থানাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰি শিক্ষকজনক ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰি থানালৈ লৈ আহে ৷ শিক্ষক জনৰ কু-কীৰ্তি সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪২/৩৭৬/৫১১/২৯৪/৫০৬ ধাৰাত গোচৰ ৰজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে খাৰুপেটীয়া আৰক্ষীয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/মনোজ


 rajesh pande