বিজয় দেৱেৰাকোণ্ডা আৰু সামন্থা ৰুথ প্ৰভু অভিনীত ছবি 'কুছি' মুক্তিৰ তাৰিখ ঘোষণা
ঃদক্ষিণৰ ছুপাৰষ্টাৰ বিজয় দেৱেৰাকোণ্ডা আৰু সামন্থা ৰুথ প্ৰভুৰ ছবি ‘কুছি’ৰ পোষ্টাৰখন সোমবাৰে মুকলি কৰ
v_1


ঃদক্ষিণৰ ছুপাৰষ্টাৰ বিজয় দেৱেৰাকোণ্ডা আৰু সামন্থা ৰুথ প্ৰভুৰ ছবি ‘কুছি’ৰ পোষ্টাৰখন সোমবাৰে মুকলি কৰিছে নিৰ্মাতাসকলে। ইয়াৰ লগতে ছবিখনৰ মুক্তিৰ তাৰিখো ঘোষণা কৰিছে নিৰ্মাতাসকলে। ছবিখনৰ মুখ্য অভিনেতা বিজয় দেৱেৰাকোণ্ডাই ছ’চিয়েল মিডিয়াত ছবিখনৰ পোষ্টাৰ শ্বেয়াৰ কৰি এই কথা জনাইছে।

ছবিখনৰ পোষ্টাৰখন নিজৰ টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰি বিজয় দেৱেৰাকোণ্ডাই লিখিছে কুছি হৈছে আনন্দ, হাঁহি, প্ৰেম আৰু পাৰিবাৰিক বন্ধনৰ এক বিস্ফোৰণ। ২৩ ডিচেম্বৰত তেলেগু, তামিল, কান্নাড়া আৰু মালয়ালম ভাষাত বিশ্বজুৰি মুক্তি পাব এই ছবিখন।গতিকে বৰদিন আৰু নতুন বছৰত এখন ভাল ছবি দৰ্শকসকলে উপভোগ কৰিবলৈ পাব। আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে এটা মহাকাব্যিক ৰোমান্টিক কমেডী নিৰ্মাণৰ কাম চলি আছে।

অনুৰাগীসকলে ছবিখনৰ এই পোষ্টাৰখনক লৈ যথেষ্ট ভাল পাইছে। খবৰ অনুসৰি এইকেইদিন কাশ্মীৰত ছবিখনৰ শ্বুটিংৰ কাম চলি আছে। ইয়াৰ পিছত বাকী শ্বুটিং হ’ব এলিপ্পি, হায়দৰাবাদ আৰু বিশাখাপট্টনমত।

শিৱ নিৰ্বাণৰ দ্বাৰা পৰিচালিত এই ছবিখনৰ সন্দৰ্ভত বিশেষ তথ্য প্ৰকাশ কৰা হোৱা নাই। কিন্তু এই ছবিখনৰ জৰিয়তে বিজয় আৰু সামন্থাক পুনৰবাৰ ডাঙৰ পৰ্দাত চাবলৈ আগ্ৰহী অনুৰাগীসকল। ইয়াৰ পূৰ্বে ২০১৮ চনত নিৰ্মিত মহানতি ছবিত দুয়োকে একেলগে দেখা গৈছিল।

হিন্দুস্থান সমাচাৰ/সূৰভি/ বিশ্মিতা/মনোজ


 rajesh pande