পেট্ৰ'ল আৰু ডিজেলৰ মূল্য স্থিৰ, ১১০ ডলাৰৰ কাষ চাপিছে খাৰুৱা তেলৰ দৰ
নতুন দিল্লী, ১৬ মে’ (হি.স.)। ৰুচ-ইউক্ৰেইন যুদ্ধৰ মাজত আন্তৰ্জাতিক বজাৰত খাৰুৱা তেল পুনৰ প্ৰতি বেৰেলত
ইন্ধন


নতুন দিল্লী, ১৬ মে’ (হি.স.)। ৰুচ-ইউক্ৰেইন যুদ্ধৰ মাজত আন্তৰ্জাতিক বজাৰত খাৰুৱা তেল পুনৰ প্ৰতি বেৰেলত ১১০ ডলাৰৰ ওচৰত আছে। অৱশ্যে, ঘৰুৱা বজাৰত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য এমাহৰো অধিক সময় ধৰি স্থিৰ হৈ আছে। ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীবোৰে দুয়োটা ইন্ধনৰ মূল্য সংশোধন কৰা নাই। দিল্লীত সোমবাৰে পেট্ৰ’লৰ মূল্য আছিল প্ৰতি লিটাৰত ১০৫.৪১ টকা আৰু ডিজেলৰ মূল্য আছিল ৯৬.৬৭ টকা।

ইণ্ডিয়ান অইল ৱেবছাইটৰ মতে, দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ১২০.৫১ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ১০৪.৭৭ টকা। একে সময়তে, কলকাতাত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ১১৫.১২ টকা, আনহাতে ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯৯.৮৩ টকা। একেদৰে, চেন্নাইত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ১১০.৮৫ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ১০০.৯৪ টকা।

উল্লেখনীয় যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য উঠা-নমা হৈ আছে। সপ্তাহটোৰ প্ৰথম ব্যৱসায়িক দিনটোত, ব্ৰেণ্ড ক্ৰুড প্ৰতি বেৰেলত ১০৯.৯৬ ডলাৰত ট্ৰেণ্ডিং হৈ আছিল, আনহাতে ডব্লিউটিআই ক্ৰুড প্ৰতি ডলাৰত ১০৮.৭৩ ডলাৰত ব্যৱসায় কৰি আছিল।

হিন্দুস্থান সমাচাৰ/প্ৰজেশ শংকৰ/মনোজ/অৰবিন্দ


 rajesh pande