অভিলেখ ভংগ কৰা ফ্ৰান্সৰ ষ্ট্ৰাইকাৰ কাইলিয়ান এমবাপেক প্ৰবীণ ফুটবলাৰ পেলেৰ অভিনন্দন
চাও পাওলো, ০৯ ডিচেম্বৰ (হি.স.)। ব্ৰাজিলৰ ফুটবল কিংবদন্তি পেলেই ২৪ বছৰ বয়সৰ পূৰ্বে ফিফা বিশ্বকাপত সৰ
my records in fifa wc_ pele to kylian mbappe_1


চাও পাওলো, ০৯ ডিচেম্বৰ (হি.স.)। ব্ৰাজিলৰ ফুটবল কিংবদন্তি পেলেই ২৪ বছৰ বয়সৰ পূৰ্বে ফিফা বিশ্বকাপত সৰ্বাধিক গ’ল দিয়াৰ অভিলেখ ভংগ কৰাৰ বাবে তাৰকা ফ্ৰান্সৰ ষ্ট্ৰাইকাৰ কাইলিয়ান এমবাপেক অভিনন্দন জনাইছে। পেলে স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি থকাৰ সময়তে এম্বাপে ছ’চিয়েল মিডিয়াত ব্ৰাজিলৰ কিংবদন্তিগৰাকীৰ আশু আৰোগ্য কামনা কৰে।

এমবাপে টুইট কৰিছিল, “ৰজা পেলেৰ বাবে প্ৰাৰ্থনা কৰক।”

এই টুইটটোৰ উত্তৰত পেলেই কয়, ধন্যবাদ, এমবাপে। এই বিশ্বকাপত মোৰ আন এটা অভিলেখ ভংগ কৰা দেখি মই আনন্দিত হৈছো, মোৰ বন্ধু!

পোলেণ্ডৰ বিৰুদ্ধে ৰাউণ্ড ১৬ৰ খেলখনত ২৩ বছৰীয়া এমবাপে দুটা গ’ল দি বিশ্বকাপত গ’লৰ সংখ্যা ৯লৈ বৃদ্ধি কৰে। যিটো বিশ্বকাপত ২৪ বছৰৰ তলৰ যিকোনো খেলুৱৈৰ সৰ্বাধিক গ’ল। এই প্ৰক্ৰিয়াত তেওঁ ২৪ বছৰ সম্পূৰ্ণ কৰাৰ পূৰ্বে বিশ্বকাপত ৭টা গ’ল দিয়া পেলেক অতিক্ৰম কৰে। ১৯৫৮ চনত প্ৰথম বিশ্বকাপত পেলেই ৬টা গ’ল দিছিল, তাৰ পিছত ১৯৬২ চনৰ বিশ্বকাপত এটা গ’ল দিছিল।

দেওবাৰে কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে খেলিব এম্বাপেৰ দলটোৱে।

হিন্দুস্থান সমাচাৰ/ সুনীল/অৰৱিন্দ/মনোজ


 rajesh pande