ধুবুৰী, ০৯ ডিচেম্বৰ (হি.স.): ধুবুৰী জিলাৰ চাপৰ নগৰৰ মাজমজিয়াত আজি পুনৰ চুৰি কাণ্ড সংঘটিত হয়। সঘনাই সংঘটিত হোৱা বাইক চুৰি কাণ্ডই নিদ্রা হৰণ কৰিছে নগৰবাসীক।
চাপৰ আৰক্ষীৰ দৈনিক পহৰা স্থানৰ ৫০ মিটাৰ নিলগৰ পৰা চোৰে চুৰি কৰিলে নিলে এখন মটৰ চাইকেল । চাপৰ চিকিৎসালয়ৰ সন্মুখত হয় এই চুৰিকাণ্ডৰ ঘটনা। চুৰি হোৱা বাইকখনৰ নম্বৰ এএছ ১৭ জি ৫৫৫৭ বুলি জানিব পৰা গৈছে । এই চুৰিকাণ্ড পিছতে মটৰ চাইকেলখনৰ গৰাকী ৰফিয়াল হকে থানাত এজাহাৰ দাখিল কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ