শিৱসাগৰ, ০৯ ডিচেম্বৰ (হি.স.): শিৱসাগৰৰ আমগুৰিৰ জাঁজীত আজি ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানত শিক্ষা মন্ত্ৰী ড° ৰনোজ পেগু উপস্থিত থাকে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্ম্মাই ৩০/১১ তাৰিখে গুৱাহাটিত শুভাৰম্ভ কৰা ড° বাণীকান্ত কাকতি মেধা বঁটা অনুস্থান আমগুৰিৰ জাঁজী হেমনাথ শৰ্মা মহা বিদ্যালয়ত অনুষ্ঠিত হয়।
ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে ১৪৬৪ গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত স্কুটি প্ৰদান কৰি ছাত্ৰ-ছাত্ৰী সকলক হেলমেট পৰিধান কৰিহে স্কুটি সমূহ চলাবলৈ অনুৰোধ জনায়। অন্যথা বেকিং নিউজ হৈ নিজৰ জীৱনলৈ ভাবুকি অহাৰ লগতে চৰকাৰে ছাত্ৰ ছাত্ৰী সকলক আৰ্কষিক কৰা এই আঁচনিখন সমালোচনাৰ পাত্ৰ হ'ব বুলি মন্তব্য আগ বঢ়ায় শিক্ষামন্ত্ৰীগৰাকীয়ে । মোবিলিটি গ্ৰাণ্টৰ বাবে স্নাতক পৰ্য্যায়ৰ নিয়মীয়া ছাত্ৰীয়ে ১০ হাজাৰকৈ টকা লাভ কৰিব পৰা এখন কমদিনৰ ভিতৰতে ৰাজ্য চৰকাৰে ঘোষণা কৰিব বুলি অনুস্থানতেই ঘোষণা কৰে মন্ত্ৰী জনে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ