জামুগুৰিহাটত পথ দুৰ্ঘটনাত আহত ২
–ঠেলাচালকক খুন্দিয়ালে বাইক আৰোহীয়ে শোণিতপুৰ, ১০ ডিচেম্বৰ (হি.স.): শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ আগ্ৰ
জামুগুৰিহাটত পথ দুৰ্ঘটনাত আহত ২


–ঠেলাচালকক খুন্দিয়ালে বাইক আৰোহীয়ে

শোণিতপুৰ, ১০ ডিচেম্বৰ (হি.স.): শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ আগ্ৰীপামত যোৱাকালি নিশা সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক আহত হয়।

ৰঙাচকুৱাৰ পৰা টুপিয়ালৈ ঠেলা চলাই আহি থকা ঠেলাচালক এগৰাকীক পিছফালৰ বাইকে খুণ্ডিয়াই। জানিব পৰামতে এএছ ১২ এইচ ২০১০ নম্বৰৰ বাইকখনে খুন্দা মৰাৰ ফলত ঠেলাচালক গৰাকীৰ লগতে মটৰ চাইকেল আৰোহীজনো আহত হয়। আহত দুয়োকে মৃত্যুঞ্জয় ১০৮ৰ জৰিয়তে উত্তৰ জামুগুৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande