শোণিতপুৰ, ১০ ডিচেম্বৰ (হি:স:)। শোণিতপুৰ আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত। শুকুৰবাৰে নিশা তেজপুৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিন্টু বড়োৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে অভিযান চলাই তেজপুৰৰ নিজামীয়া বস্তিৰ পৰা ম: ইমৰাজুল ইছলাম নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।
ধৃত ইমৰাজুলৰ পৰা ৫ টা চাবোনৰ বাকচত ভৰাই থোৱা প্ৰায় ৬৬ গ্ৰাম সন্দেহ যুক্ত হেৰোইন জব্দ কৰিবলৈ সক্ষম হয়। আনহাতে তেজপুৰ বৰঘাট আৰক্ষী চকীৰ বিষয়া সীমান্ত পাঠকৰ নেতৃত্বত যোৱা আন এক অভিযানত চাহাৰুল হাছান নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। ধৃত চাহাৰুলৰ পৰা ২০টা কন্টেনাৰ আৰু নগদ ৪৪৮৩০. ০০টকা জব্দ কৰিবলৈ সক্ষম হয়।
হিন্দুস্থান সমাচাৰ/ সমীৰ / বিস্মিতা/আলোক.