ৰাঙলু নতুন প্ৰাথমিক বিদ্যালয় সপ্তাহ সমৰোহৰ সামৰণি অনুষ্ঠান
নগাঁও, ১০ ডিচেম্বৰ (হি.স.)। কঠীয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত নিজকঠীয়াতলী মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত ৰ
ৰাঙলু নতুন প্ৰাথমিক বিদ্যালয় সপ্তাহ সমৰোহৰ সামৰণি অনুষ্ঠান


নগাঁও, ১০ ডিচেম্বৰ (হি.স.)। কঠীয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত নিজকঠীয়াতলী মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত ৰাঙলু নতুন প্ৰাথমিক বিদ্যালয়ত আজি সপ্তাহ সমৰোহৰ সামৰণি অনুষ্ঠান। শৈক্ষিক শিক্ষাৰ লগতে খেল, নৃত্য, গীত, চিত্ৰাঙ্কণ আদিৰো যে প্ৰয়োজন আছে তাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগে বিদ্যালয় সমূহত বিদ্যালয় সপ্তাহ উদযাপন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। আজি ৰাঙলু নতুন প্ৰাথমিক বিদ্যালয়ত সপ্তাহিক তিনি দিনীয়াকৈ উদযাপন কৰা খেল ধেমালিৰ অন্তত বঁটা বিতৰণী সভাৰ আয়োজন কৰে।

সভাত সভাপতিত্ব কৰে সহকাৰী শিক্ষক প্ৰাণস্বৰ্গেয়াৰীয়ে, সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰধান শিক্ষক মামুদ আলীয়ে। বিশিষ্ট আমন্ত্ৰিত অতিথি কামপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সুজাতা গগৈৰ অনুপস্থিতিত প্ৰাক্তন মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক ঘনকান্ত বৰাই নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰা অনুষ্ঠানত উপস্থিত থাকে মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক লম্বিত দলে, পৰিচালনা সমিতিৰ সভাপতি ৰেকত আলী, প্ৰাক্তন প্ৰতিষ্ঠাপক সভাপতি আমিৰউদ্দিন, শিক্ষয়িত্ৰীদ্বয় সুমিত্ৰা সৰকাৰ,জ্যোতিকা বৰাৰ আৰু অভিভাৱকৰ লগতে শিক্ষাৰ্থী সকলে অংশগ্ৰহণ কৰে। বিভিন্ন প্ৰতিযোগিতাত বিজয়ী শিক্ষাৰ্থী সকলক পুৰস্কাৰ সমূহ প্ৰদান কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.


 rajesh pande