বৰপথাৰত অবৈধ মাৰণাস্ত্ৰ সহ চোৰাং চিকাৰী গ্ৰেপ্তাৰ আৰক্ষীৰ
গোলাঘাট, ১০ ডিচেম্বৰ(হি.স.)। শুক্ৰবাৰে বৰপথাৰত অবৈধ মাৰণাস্ত্ৰ সহ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । ধন
বৰপথাৰত অবৈধ মাৰণাস্ত্ৰ সহ চোৰাং চিকাৰী গ্ৰেপ্তাৰ আৰক্ষীৰ


গোলাঘাট, ১০ ডিচেম্বৰ(হি.স.)। শুক্ৰবাৰে বৰপথাৰত অবৈধ মাৰণাস্ত্ৰ সহ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । ধনশিৰি মহকুমাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত টেঙানিৰ কছাৰীহোলাৰ পৰা ৰণজিৎ গগৈ ওৰফে মাচু নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে ।

উল্লেখযোগ্য যে, লোকজনৰ পৰা আৰক্ষীয়ে এটা হস্তনিৰ্মিত বন্দুক আৰু কেইবাজাই গুলীও জব্দ কৰিছে । ইতিমধ্যে বৰপথাৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ আৰ্মচ এক্ট ২৫ ( ১-B) ৰ অধীনত ৪৯/ ২০২২ নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে ।

বৰপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰেমেশ্বৰ শইকীয়াৰ নেতৃত্বত চলা অভিযানত আটক হৈছে লোকজন । ইপিনে টেঙানিৰ বিভিন্ন অঞ্চলত এইদৰে হস্তনিৰ্মিত বন্দুকেৰে বন্য জীৱ-জন্তু চিকাৰ কৰাৰ লগতে বিভিন্ন অপৰাধ জনিত কাৰ্য্যকলাপ সংঘটিত কৰাৰ কথা স্থানীয় ৰাইজে অভিযোগ উত্থাপিত কৰি আহিছে ।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/আলোক.


 rajesh pande