মাজবাটৰ অসম অৰুণাচল সীমান্তৰ পৰা অবৈধ মাৰাণাস্ত্ৰ উদ্ধাৰ
শোণিতপুৰ, ১০ ডিচেম্বৰ(হি.স.)। জিলা খনৰ মাজবাটৰ অসম অৰুণাচল সীমান্তৰ ২ নং চিকাৰীদাংগাত পুনৰ অস্ত্ৰ উদ
মাজবাটৰ অসম অৰুণাচল সীমান্তৰ পৰা অবৈধ মাৰাণাস্ত্ৰ উদ্ধাৰ


শোণিতপুৰ, ১০ ডিচেম্বৰ(হি.স.)। জিলা খনৰ মাজবাটৰ অসম অৰুণাচল সীমান্তৰ ২ নং চিকাৰীদাংগাত পুনৰ অস্ত্ৰ উদ্ধাৰ। অৰুণাচল সীমান্তৰ ২ নং চিকাৰী ডাঙাত নিশা চলিছিল অভিযান।গাতত পুটি থোৱা অৱস্থাত উদ্ধাৰ দুটাকৈ মাৰনাস্ত্ৰ। অভিযানত উদ্ধাৰ এটা ৰাছিয়াত নিৰ্মিত এচকেএচ চেমি অটমেটিক ৰাইফল, এটা পিষ্টল, ৪৩ জাই ৰাইফলৰ গুলী, ৬২ জাই পিষ্টলৰ গুলী।

নিশা ১:৩০ বজাত ওদালগুৰি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আচূৰ্য্য জীৱন বৰুৱা আৰু থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিপ্ৰসাদ পেগু আৰু মাজবাটৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া ৰাজীৱ গোহাইৰ নেতৃত্বত চলিছিল এই অভিযান।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/আলোক.


 rajesh pande