তেজপুৰত হেৰ'ইন সহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ
শোণিতপুৰ, ১০ ডিচেম্বৰ(হি.স.)। তেজপুৰত হেৰ’ইন সহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ । ভোমোৰাগুৰিৰ ছাহাৰুল হুছেইনৰ ঘ
তেজপুৰত হেৰ'ইন সহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ


শোণিতপুৰ, ১০ ডিচেম্বৰ(হি.স.)। তেজপুৰত হেৰ’ইন সহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ । ভোমোৰাগুৰিৰ ছাহাৰুল হুছেইনৰ ঘৰৰ পৰা ২০টা প্লাষ্টিকৰ কন্টেইনাৰত সন্দেহজনক ২৬ গ্ৰাম হেৰ’ইন সহ নগদ ৪৪,৮৩০টকা উদ্ধাৰ কৰাৰ লগতে চাহাৰুলক গ্ৰেপ্তাৰ কৰা হয়।

আনহাতে আৰক্ষীয়ে আন এক অভিযানত তেজপুৰ থানাৰ অন্তৰ্গত নিজাম বস্তিৰ ইমৰাজুল ইচলামৰ ঘৰত অভিযান চলাই পাঁচটা চাবোনৰ কেচ ভৰ্তি ৬৬ গ্ৰাম হেৰ’ইন সহ নগদ ধন জব্দ কৰাৰ লগতে ইমৰাজুল ইচলামক গ্ৰেপ্তাৰ কৰে।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/আলোক.


 rajesh pande