ৰঙিয়াত ৰক্তদান শিবিৰ
কামৰূপ, ১০ ডিচেম্বৰ (হি.স.)। ৰক্তদান মহান দান । এই মূলমন্ত্ৰ আগত ৰাখি ৰঙিয়াত আজি এটা ৰক্তদান শিবিৰ অ
ৰঙিয়াত ৰক্তদান শিবিৰ


কামৰূপ, ১০ ডিচেম্বৰ (হি.স.)। ৰক্তদান মহান দান । এই মূলমন্ত্ৰ আগত ৰাখি ৰঙিয়াত আজি এটা ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয় । গ্লবেল কম্পিউটাৰ চেণ্টাৰৰ উদ্যোগত ৰঙিয়া মডেল হাস্পাতালত ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থা তথা এইছ ডি এফ চি বেংক ৰঙিয়া শাখাৰ সহযোগত এই শিবিৰ আয়োজন কৰা হয় ।

মূল উদ্যোক্তা ম গুলফামে জনাই যে বিপদৰ সময়ত সাধাৰণ মানুহৰ সামান্যতম সহায় হোৱাৰ মহান উদ্দেশ্য আৰু মূলত ৰক্তদান কৰাৰ বাবে ৰাইজক সজাগ কৰাৰ বাবে অনুষ্ঠিত কৰা হৈছে এই শিবিৰ । এই শিবিৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ তথা ৰঙিয়া মডেল হাস্পাতালৰ বহু কেইজন কৰ্মচাৰীয়ে এই কাৰ্যসূচী চলাই নিয়াত সহায় কৰে । আজিৰ এই শিবিৰৰ জৰিয়তে প্ৰায় ৩০ জন লোকে এই শিবিৰৰ জৰিয়তে ৰক্তদান কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.


 rajesh pande