ডিমাকুছিত ইউপিপিএল দলৰ এক বৃহৎ যোগদান কাৰ্যসূচী
ওদালগুৰি, ১০ ডিচেম্বৰ (হি.স.)। ভেৰগাঁৱৰ ডিমাকুছিত আজি ইউপিপিএল দলৰ এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত
ডিমাকুছিত ইউপিপিএল দলৰ এক বৃহৎ যোগদান কাৰ্যসূচী


ওদালগুৰি, ১০ ডিচেম্বৰ (হি.স.)। ভেৰগাঁৱৰ ডিমাকুছিত আজি ইউপিপিএল দলৰ এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হ’য় ৷ যোগদান কাৰ্যসূচীত বিজেপি , বিপিএফকে ধৰি বিভিন্ন দলৰ পৰা প্ৰায় সোতৰ গৰাকী নেতা কৰ্মীয়ে ইউপিপিএল দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ইউপিপিএল দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে।

ভেৰগাঁও ব্লক ইউপিপিএলৰ সৌজন্যত আয়োজন কৰা উক্ত যোগদান কাৰ্যসূচীত উপস্থিত থাকে বিটিআৰ ইএম দাউৱাইছা বড়ো , ভেৰগাঁও ব্লক ইউ পি পি এলৰ সম্পাদক ধ্ৰুৱ ডেকা , যুৱ ইউ পি পি এলৰ উপ সভাপতি জহৌলাউ বসুমতাৰী প্ৰমুখ্যে বহুসংখ্যক দলীয় নেতা কৰ্মী উপস্থিত থাকে ৷ ভেৰগাও ব্লক ইউপিপিএলৰ সভাপতি বুদ্ধিৰাম বড়োই সঞ্চালনা কৰা যোগদান কাৰ্যসূচীত ডিমাকুছি অঞ্চলৰ প্ৰায় সোতৰ গৰাকী বিভিন্ন ৰাজনৈতিক দলৰ সক্ৰীয় কৰ্মীয়ে ইউপিপিএলত আনুষ্ঠানিকভাৱে যোগদান কৰে। যোগদান কৰা সকলো সদস্যক দললৈ আদৰণি জনাই বিটিচিৰ ই এম দাউবাইচা বড়োই ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.


 rajesh pande