কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ বক্তব্যত উত্তপ্ত হৈছে মহাৰাষ্ট্ৰৰ ৰাজনীতি
-অজিত পাৱাৰ আৰু সঞ্জয় ৰাউতে কয় - মহাৰাষ্ট্ৰক কৰা অপমান সহ্য কৰা নহ'ব মুম্বাই, ২৪ নৱেম্বৰ (হি.স.
ajeet pawar_1


-অজিত পাৱাৰ আৰু সঞ্জয় ৰাউতে কয় - মহাৰাষ্ট্ৰক কৰা অপমান সহ্য কৰা নহ'ব

মুম্বাই, ২৪ নৱেম্বৰ (হি.স.)। বৃহস্পতিবাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাইয়ে প্ৰকাশ কৰা বিবৃতিৰ বাবে মহাৰাষ্ট্ৰৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে। এই বক্তব্যৰ সন্দৰ্ভত বিধানসভাৰ বিৰোধী দলপতি অজিত পাৱাৰ আৰু শিৱসেনাৰ নেতা তথা ৰাজ্যসভাৰ সদস্য সঞ্জয় ৰাউতে মহাৰাষ্ট্ৰৰ অপমান কোনো মূল্যৰ বিনিময়ত সহ্য কৰা নহ’ব বুলি কৈছে।

সংবাদ মাধ্যমৰ আগত অজিত পাৱাৰে কয় যে সাংলি জিলাৰ জাট তহচিলৰ গাঁওসমূহ দাবী কৰাৰ পিছত এতিয়া কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে সোলাপুৰ জিলাৰ আক্কলকোটতো দাবী কৰিছে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ বক্তব্য তৎকালীনভাৱে বন্ধ কৰক। তেওঁৰ এই বক্তব্য নিন্দনীয়।

অজিত পাৱাৰে কয় যে মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যাৰ পৰা মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এনেধৰণৰ বক্তব্য দিয়া হৈছে। এতিয়া মুম্বাইৰ চাহিদাহে বাকী আছে। অজিত পাৱাৰে কয় যে এই বিষয়ত কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে হস্তক্ষেপ কৰিব লাগে। লগতে দুয়োখন ৰাজ্যই যৌথভাৱে কৰ্ণাটক সীমান্ত বিবাদ নিষ্পত্তি কৰিবলৈ চেষ্টা কৰা উচিত।

মহাৰাষ্ট্ৰ-কৰ্ণাটক সীমা বিবাদক লৈ বৃহস্পতিবাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোমাইয়ে প্ৰকাশ কৰা বিবৃতিক গৰিহণা দিছে সঞ্জয় ৰাউতে। বাসৱৰাজ বোমাই আজি তেওঁৰ টুইটত কয় যে সোলাপুৰ জিলাৰ আক্কলকোটত বসবাস কৰা কানাড়াভাষী সংখ্যাগৰিষ্ঠ গাঁওসমূহেও কৰ্ণাটকত যোগদান কৰিব বিচাৰে। ইয়াৰ এদিন আগতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে সাংলি জিলাৰ জাট তহচিলৰ ৪০খন গাঁও দখল কৰাৰ কথা কৈছিল।

ৰাউতে কয় যে এয়াই ৰাজ্য চৰকাৰৰ দুৰ্বলতা, যাৰ বাবেই যি বিচাৰে বাঢ়িছে। ৰাউতে কয় যে ৰাজ্যৰ দুৰ্বল চৰকাৰৰ বাবেই কোনোবাই মহাৰাষ্ট্ৰৰ উদ্যোগ কাঢ়ি লৈ গৈছে আৰু কোনোবাই এখন গাঁৱলৈ নিয়াৰ কথা কৈছে। কিন্তু আমি মহাৰাষ্ট্ৰৰ বাবে যুঁজ দি যাম।

হিন্দুস্থান সমাচাৰ/ ৰাজবাহাদুৰ/ অৰৱিন্দ/ বিস্মিতা/মনোজ


 rajesh pande