জন্মদিনৰ বিশেষ - ২৫ নৱেম্বৰঃ প্ৰতিজনৰ হৃদয়ত স্থান লভিছিল দ্ৰৌপদী ৰূপে ৰূপা গাংগুলী
টেলিভিছন আৰু চলচ্চিত্ৰ জগতত বিশেষ স্থান দখল কৰা এগৰাকী অসাধাৰণ অভিনেত্ৰী ৰূপা গাংগুলীৰ জন্ম হৈছিল ১৯
rupa_1


টেলিভিছন আৰু চলচ্চিত্ৰ জগতত বিশেষ স্থান দখল কৰা এগৰাকী অসাধাৰণ অভিনেত্ৰী ৰূপা গাংগুলীৰ জন্ম হৈছিল ১৯৬৬ চনৰ ২৫ নৱেম্বৰত কলকাতাত। ১৯৮৫ চনত নিৰ্মিত চাহেব ছবিত শিশু শিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ৰূপা গাংগুলীয়ে। ইয়াৰ পিছত তেওঁৰ দ্বিতীয়টো ডাঙৰ ভূমিকা আছিল ১৯৮৬ চনৰ ‘ইথালে ইনিয়ম বৰু’ ছবিত। এই ছবিখন মালয়ালম ভাষাত আছিল। এই ছবিখনত তেওঁ মেমুটীৰ বিপৰীতে মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল। ইয়াৰ পিছত ১৯৮৮ চনত দূৰদৰ্শনত প্ৰচাৰিত পৌৰাণিক ধাৰাবাহিক ‘মহাভাৰত’ত বি আৰ চোপ্ৰাই তেওঁক সুনাম আনি দিয়ে। এই ধাৰাবাহিকখনত দ্ৰৌপদীৰ চৰিত্ৰত অভিনয় কৰি তেওঁ ঘৰুৱা নাম হৈ পৰিছিল।

১৯৯২ চনত ৰূপা গাংগুলীয়ে মেকানিকেল ইঞ্জিনিয়াৰ ধ্ৰুৱ মুখাৰ্জীৰ সৈতে বিবাহপাশত আবদ্ধ হয় যদিও ২০০৭ চনত দুয়োৰে বিবাহ বিচ্ছেদ হয়। তেওঁলোকৰ এজন পুত্ৰ আকাশ মুখাৰ্জী। ৰূপা গাংগুলীয়ে সৰু পৰ্দাত কৰম আপনা, লাভ ষ্ট’ৰী, ৱাকত বটায়েগা কৌন আপনা কৌন পৰায়া, কস্তুৰী, অগলে জনম মহে বিটিয়া হি কিজো আৰু কুচ তো হায় তেৰে মেৰে দৰমিয়ান আদি ধাৰাবাহিকত অভিনয় কৰিছিল। ইয়াৰ বাহিৰেও তেওঁ পদ্মা নদীৰ মাঝি, যুগান্ত, অন্তৰমহল, বাহাৰ আনে টক, এক দিন আচানক, প্যাৰ কা দেৱতা, সৌগন্ধ, নিশ্চয় আদি বহু ছবিত উৎকৃষ্ট অভিনয় কৰিছিল।

২০১৫ চনত ৰাজনীতিত সাহস কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি ২০১৬ চনত ৰাজ্যসভাৰ সদস্য নিৰ্বাচিত হয়। বৰ্তমান তেওঁ ৰাজনীতিত সক্ৰিয়।

হিন্দুস্থান সমাচাৰ/সুৰভি/অৰৱিন্দ/মনোজ


 rajesh pande