ধেমাজিত আড়ম্বৰতাৰে উদযাপিত ৪০০ বছৰীয়া বীৰ লাচিত দিৱস
ধেমাজি, ২৪ নৱেম্বৰ ( হি স)। সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজিতো স্বৰ্গদেউ চ্যাওলুং চ্যুকাফাৰ দ্বিতীয় ৰাজধানী
ধেমাজিত আড়ম্বৰতাৰে উদযাপিত ৪০০ বছৰীয়া বীৰ লাচিত দিৱস


ধেমাজি, ২৪ নৱেম্বৰ ( হি স)। সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজিতো স্বৰ্গদেউ চ্যাওলুং চ্যুকাফাৰ দ্বিতীয় ৰাজধানী ঐতিহাসিক হাবুঙ ত আড়ম্বৰতাৰে উদযাপন কৰা হয় ৪০০ বছৰীয়া বীৰ লাচিত দিৱস ৷ হাবুং উন্নয়ন পৰিচালনা সমিতি আৰু ধেমাজি জিলা পয় ফুৰালুং সংঘৰ উদ্যোগত আয়োজিত এই লাচিত দিৱসৰ আজি পতাকা উত্তোলন কৰে বিশিষ্ট সাহিত্যিক উমেশ চেতিয়াই ৷

চ্যাওলুং চ্যুকাফা আৰু লাচিত দিৱসৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰাৰ পিছতে অনুষ্ঠিত হয় মুকলি সভা ৷ ধেমাজি জিলা পয় পুৰালুং সংঘৰ উপসভাপতি দিগন্ত গগৈয়ে উদ্বোধন কৰা আৰু হাবুং উন্নয়ন পৰিচালনা সমিতিৰ সম্পাদক বাবুল বুঢ়াগোহাঁয়ে আদৰণি ভাষণ আগবঢ়োৱা গাম্ভীৰ্যপূৰ্ণ সভাখনিত বিশিষ্ট তাই পণ্ডিত মানিক গগৈ, সাহিত্যিক , বুৰঞ্জীবিদ উমেশ চেতিয়াকে ধৰি কেইবাজনো বক্তাই বীৰ লাচিতৰ কৃতিত্ব আৰু বীৰত্বৰ মূল্যায়ন কৰে ৷ অনুষ্ঠানত টাই সমবেত সংগীতকে ধৰি ভিন্নসুৰীয়া গীত মাতো পৰিৱেশন কৰা হয় ৷

হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ


 rajesh pande