বিকি কৌশলৰ পিতৃ শাম কৌশলৰ জন্মদিনত বিশেষ ভাবে শুভেচ্ছা জ্ঞাপন
আজি চলচ্চিত্ৰ অভিনেতা বিকি কৌশলৰ পিতৃ তথা হিন্দী ছবিৰ একচন পৰিচালক তথা ষ্টাণ্ট সমন্বয়ক শাম কৌশলৰ জন
actor vicky kaushal১


আজি চলচ্চিত্ৰ অভিনেতা বিকি কৌশলৰ পিতৃ তথা হিন্দী ছবিৰ একচন পৰিচালক তথা ষ্টাণ্ট সমন্বয়ক শাম কৌশলৰ জন্মদিন। এই বিশেষ উপলক্ষে বিকি কৌশলে তেওঁৰ পিতৃৰ জন্মদিনত বিশেষ ধৰণে অভিনন্দন জনাইছে। তেওঁৰ ইনষ্টা ষ্ট’ৰীত দেউতাকৰ এখন ক’লা-বগা ছবি শ্বেয়াৰ কৰি ভিকি কৌশলে লিখিছে- ‘মোৰ শক্তিৰ স্তম্ভ... জন্মদিনৰ শুভেচ্ছা ডেডে !’

ভিকিৰ এই পোষ্টটো ভাইৰেল হৈ পৰিছে। ভিকি আৰু শামৰ মাজত এক বিশেষ বন্ধন আছে। দুয়োজনেই বলীউডৰ অন্যতম বিখ্যাত পিতৃ-পুত্ৰ যুটি। বিকি কৌশল আজি বলীউডৰ এগৰাকী সুপৰিচিত অভিনেতা হোৱাৰ বিপৰীতে শাম কৌশল বলীউডৰ এজন বিখ্যাত একচন পৰিচালক।

বাজীৰাও মস্তানী, ফেণ্টম, পি কে, কৃষ, ধূম, বৰফী, গেংছ অৱ ৱাছিপুৰ, ৰকষ্টাৰ, ৰজনীতি, মাই নেম ইজ খান, ওম শান্তি ওম আদি বহু ছবিত কাম কৰি আহিছে শাম কৌশল।

বিকি কৌশলৰ ৱৰ্কফ্ৰন্টৰ কথা কওঁতে অতি সোনকালে তেওঁক গোবিন্দ নাম মেৰা ছবিত অভিনয় কৰা দেখা যাব।

হিন্দুস্থান সমাচাৰ/সুৰভি/অৰৱিন্দ/মনোজ


 rajesh pande