বাংলাদেশ প্ৰিমিয়াৰ লীগত অংশগ্ৰহণ কৰা প্ৰথমজন ভাৰতীয় হিচাপে উনমুক্ত চান্দ
-চট্টোগ্ৰাম চেলেঞ্জাৰছে বিপিএলৰ ড্ৰাফটত উনমুক্ত চান্দক নিজৰ দলত অন্তৰ্ভুক্ত কৰিছিল ঢাকা, ২৪ নৱেম্বৰ
unmukt chand_chattogram challengers_bpl draft_1


-চট্টোগ্ৰাম চেলেঞ্জাৰছে বিপিএলৰ ড্ৰাফটত উনমুক্ত চান্দক নিজৰ দলত অন্তৰ্ভুক্ত কৰিছিল

ঢাকা, ২৪ নৱেম্বৰ (হি.স.)। ভাৰতৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ বিজয়ী অধিনায়ক উনমুক্ত চান্দে বাংলাদেশ প্ৰিমিয়াৰ লীগত অংশগ্ৰহণ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে। বুধবাৰে অনুষ্ঠিত হোৱা খেলুৱৈ ড্ৰাফটত চট্টোগ্ৰাম চেলেঞ্জাৰ দলে চান্দক নিৰ্বাচিত কৰে।

বিচিচিআইৰ চুক্তিবদ্ধ ক্ৰিকেটাৰসকলক বিদেশী লীগত খেলিবলৈ দিয়া নহয় যদিও ২০২২ চনত আমেৰিকাৰ মেজৰ লীগ ক্ৰিকেট (এমএলচি)ৰ সৈতে তিনি বছৰৰ বাবে চুক্তিবদ্ধ হোৱাৰ পিছত ভাৰতত ঘৰুৱা ক্ৰিকেট খেলাৰ পৰা আঁতৰি আহিছে চান্দে।

৬ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া বিপিএলৰ আগন্তুক সংস্কৰণৰ বাবে বহিঃৰাজ্যৰ খেলুৱৈ শাখাৰ পৰা দ্বিতীয় ৰাউণ্ডত চান্দক নিৰ্বাচিত কৰে চেলেঞ্জাৰছ দলে।

ড্ৰাফটৰ পিছত চেলেঞ্জাৰছৰ মালিক আৰিফুজ্জামানে সংবাদ মাধ্যমৰ আগত কয় যে আমি চান্দক বাছি লৈছো কাৰণ আমি আমাৰ দলত এজন ভাৰতীয় বিচাৰিছিলো যাতে ভাৰততো আমাৰ অনুৰাগীৰ ভিত্তি থাকিব পাৰে।

ফৰ্মত থকা লিটন দাসক ২০১৯-২০ বৰ্ষৰ চেম্পিয়ন কমিলা ভিক্টোৰিয়ানছে, যিয়ে ইয়াৰ পূৰ্বে মুস্তাফিজুৰ ৰহমানক চুক্তিবদ্ধ কৰিছিল।

ড্ৰাফটৰ মাজভাগত বিৰতিৰ সময়ত ভিক্টোৰিয়ান প্ৰশিক্ষক মহম্মদ চালাহুদ্দিনে কয় যে, ‘হয়, তেওঁ (লিটনে) আমাৰ হৈ খেলিব। কিয়নো আমি আমাৰ বলিং শক্তিৰ সৈতে আপোচ কৰিব নোৱাৰো।

হিন্দুস্থান সমাচাৰ/সুনীল/অৰৱিন্দ/মনোজ


 rajesh pande