পাকিস্তানৰ নতুন সেনা প্ৰধান হ'ব লেফটেনেণ্ট জেনেৰেল অসীম মুনিৰ
–লেফটেনেণ্ট জেনেৰেল ছাহিৰ ছামছাদ মিৰ্জা জইন্ট চীফ অফ ষ্টাফ নিযুক্ত ইছলামবাগ, ২৪ নৱেম্বৰ (হি.স.)।
pak1_1


–লেফটেনেণ্ট জেনেৰেল ছাহিৰ ছামছাদ মিৰ্জা জইন্ট চীফ অফ ষ্টাফ নিযুক্ত

ইছলামবাগ, ২৪ নৱেম্বৰ (হি.স.)। পাকিস্তানত নতুন সেনাধ্যক্ষৰ সন্ধান অন্ত পৰিছে। লেফটেনেণ্ট জেনেৰেল অসীম মুনিৰক পাকিস্তানৰ নতুন সেনা প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁৰ উপৰি লেফটেনেণ্ট জেনেৰেল ছাহিৰ ছামছাদ মিৰ্জাক জইন্ট চীফ অফ ষ্টাফ হিচাপে নিযুক্তি দিয়া হৈছে।

পাকিস্তানত নতুন সেনা প্ৰধান নিযুক্তি সন্দৰ্ভত বহুদিন ধৰি আলোচনা চলি আছিল। সকলো জল্পনা-কল্পনাৰ মাজতে বৃহস্পতিবাৰে পাকিস্তানৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী মৰিয়াম ঔৰংজেবে লেফটেনেণ্ট জেনেৰেল অসীম মুনিৰক নতুন সেনা প্ৰধান হিচাপে নিযুক্তি দিয়াৰ বিষয়ে অৱগত কৰে।

তেওঁ জনোৱা মতে, লেফটেনেণ্ট জেনেৰেল ছাহিৰ ছামছাদ মিৰ্জাক পাকিস্তানৰ নতুন যুটীয়া মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে। বৰ্তমানৰ সেনা প্ৰধান জেনেৰেল কামাৰ জাভেদ বাজৱাৰ ঠাইত নতুন সেনা লেফটেনেণ্ট জেনেৰেল অসীম মুনিৰ স্থলাভিষিক্ত হ’ব। অহা ২৯ নৱেম্বৰত দায়িত্ব ল’ব তেওঁ। ৬১ বছৰীয়া জেনেৰেল বাজৱাই তিনি বছৰ বৃদ্ধিৰ অন্তত ২৯ নৱেম্বৰত অৱসৰ ল’ব।

হিন্দুস্থান সমাচাৰ/সঞ্জীৱ/অৰৱিন্দ/মনোজ


 rajesh pande