অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পৰা বাহিৰ দক্ষিণ আফ্ৰিকাৰ বলাৰ গ্লেণ্টন ষ্টাৰমেন
জোহান্সবাৰ্গ, ২৪ নৱেম্বৰ (হি.স.)। দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ গ্লেণ্টন ষ্টাৰমেনক আঘাতৰ বাবে অষ্ট্ৰেলিয
south africa pacer glenton stuurman ruled out_1


জোহান্সবাৰ্গ, ২৪ নৱেম্বৰ (হি.স.)। দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ গ্লেণ্টন ষ্টাৰমেনক আঘাতৰ বাবে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তুক টেষ্ট শৃংখলাৰ পৰা বাদ দিয়া হৈছে। দক্ষিণ আফ্ৰিকাত ঘৰুৱা মেচ খেলি থকাৰ সময়তে ষ্টাৰমেনৰ পেটৰ পেশী টান হৈছিল, যাৰ ফলত তেওঁ ছয় সপ্তাহলৈকে খেলপথাৰৰ পৰা আঁতৰি থাকিব বুলি আশা কৰা হৈছে।

৩০ বছৰীয়া ষ্টাৰমানে নিজৰ দেশৰ হৈ মাত্ৰ দুখন টেষ্ট মেচতহে অংশ লৈছে। ষ্টাৰমেনৰ ঠাইত ১৬ জনীয়া দলত অন্তৰ্ভুক্ত হৈছে দ্ৰুত বলাৰ লিজাদ উইলিয়ামছ। ২৯ বছৰীয়া লিজাদে দক্ষিণ আফ্ৰিকাৰ হৈও দুখন টেষ্ট মেচ খেলিছে।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এই শৃংখলাখন দুয়োপক্ষৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ হ’ব, বৰ্তমান দুয়োটা দলে পইণ্ট টেবুলৰ শীৰ্ষ দুটা স্থান দখল কৰি অহা বছৰৰ দ্য অ’ভেলত অনুষ্ঠিত হ’বলগীয়া ফাইনেলত প্ৰৱেশৰ বাবে সুচল স্থানত আছে।

দক্ষিণ আফ্ৰিকাৰ টেষ্ট দল : ডিন এলগাৰ (গ), টেম্বা বাভুমা, জেৰাল্ড ক’টজি, থেউনিছ ডি ব্ৰুইন, চেৰেল ইৰভাইন, চাইমন হাৰ্মাৰ, মাৰ্কো জান্সেন, হাইনৰিখ ক্লাচেন, কেশৱ মহাৰাজ, লুংগিংগিডি, এনৰিচ নৰ্টজে, কাগিছ’ ৰাবাডা, লিজাদ উইলিয়ামছ, ৰাছি ভান ডেৰ ডুচেন, কাইল ভাৰ্ন আৰু খায়া জোণ্ডো।

হিন্দুস্থান সমাচাৰ/সুনীল/অৰৱিন্দ/মনোজ


 rajesh pande