যোৰহাটত বহুতো আন্তঃৰাষ্ট্ৰীয় বঁটাৰে বিভূষিত ইংৰাজী চলচ্ছিত্ৰ 'ৱান লিটল্ ফিংগাৰ'ৰ দৰ্শনী
যোৰহাট, ২৪ নবেম্বৰ (হি.স.)। অসমৰ কলা-সংস্কৃতিক বিশ্ব দৰবাৰত উপস্থাপন কৰিবলৈ সক্ষম হোৱা আন্তঃৰাষ্
যোৰহাটত বহুতো আন্তঃৰাষ্ট্ৰীয় বঁটাৰে বিভূষিত ইংৰাজী চলচ্ছিত্ৰ 'ৱান লিটল্ ফিংগাৰ'ৰ দৰ্শনী


যোৰহাট, ২৪ নবেম্বৰ (হি.স.)। অসমৰ কলা-সংস্কৃতিক বিশ্ব দৰবাৰত উপস্থাপন কৰিবলৈ সক্ষম হোৱা আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ বিজয়ী প্ৰযোজক, পৰিচালক, সংগীতজ্ঞ ড॰ ৰূপম শৰ্মাৰ এখনি বোলছবি হ’ল ‘ৱান লিটল্ ফিংগাৰ’৷ বিশেষভাৱে সক্ষমসকলৰ সক্ষমতা শীৰ্ষক মানৱ অধিকাৰ সম্বন্ধীয় বিষয়ৰ ওপৰত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে ইংৰাজী ভাষাত নিৰ্মাণ কৰা এইখন এখন হলিউডৰ চলচিত্ৰ৷ সঁচা জীৱনৰ ওপৰত আধাৰিত এই চলচিত্ৰখনৰ কাহিনী, চিত্ৰনাট্য, সংগীত আৰু পৰিচালনা ড॰ ৰূপম শৰ্মাৰ নিজা৷

বিভিন্ন ক্ষেত্ৰত চলচিত্ৰখন আন চলচিত্ৰতকৈ পৃথক এই কাৰণেই যে ইয়াত প্ৰায় ৮০ জনতকৈও অধিক বিশেষভাৱে সক্ষম লোকে অভিনয় কৰিছে৷ চলচিত্ৰখন যোৰহাট, শিৱসাগৰ, গুৱাহাটী, হাজো, কামাখ্যা, কলকতা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন ঠাইত দৃশ্যগ্ৰহণ সম্পন্ন হৈছিল৷ চলচিত্ৰখনত হলিউডৰ অভিনেত্ৰী টামেলা ডি এমিক’ৱে মুখ্য চৰিত্ৰত অভিনয় কৰিছে৷ তদুপৰি অস্কাৰৰ বাবে মনোনীত অভিনেত্ৰী ছায়েডা গেৰেটে এগৰাকী চিকিৎসকৰ চৰিত্ৰত অভিনয় কৰিছে৷ দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেত্ৰী এম জি অভিনায়াৰ উপৰি অসমৰ খ্যাতনামা অভিনেত্ৰী মলয়া গোস্বামী, জয়া শীল, অভিনেতা পবিত্ৰ ৰাভা, সিদ্ধাৰ্থ মুখাৰ্জীৰ লগতে অসমৰ আন আন ঠাইৰ বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে চলচিত্ৰখনত অভিনয় কৰিছে৷ ইয়াৰ ভিতৰত ছাইৰা ৰহমান, সুৰজিৎ শৰ্মা, সুব্ৰত কাকতী, পংকজ মহন্ত, পৰিনন্ধী জিমা চুলতানা, পুনম জে বৰুৱা, লৰিয়লি কলিতা, অশ্বিন শইকীয়া, ৰাহুল দাস, অনুসূয়া বৰা, ফাডাৰ থমাছ, জ্যোতিপ্ৰকাশ ভট্টাচাৰ্য, আশা বৰা ফুকন, পুষ্পলতা মিলি, বিনোদ বেজবৰুৱা, পূজা শৰ্মা, মমী বৰা, জুৰি শৰ্মা, ৰূপাঞ্জনা নাথ, ৰাখী গগৈ, ধ্ৰুৱ কলিতা, ধন, পিক্লু, নীতিশা বৰা, অপূৰ্ব মিলি, ৰাজমিন চুলতানা, দিগন্ত শইকীয়া, গৌৰৱ চুতীয়া, নয়নজ্যোতি শৰ্মা, চিন্ময় কলিতা, পৰশমণি শৰ্মা, নাজমা বেগম, নকুল শইকীয়া, বৰ্ণালী বুঢ়াগোহাঁই আদি৷ সংগীতৰ ক্ষেত্ৰতো বিশ্বৰ বিভিন্ন প্ৰান্তৰ সংগীতজ্ঞৰ লগতে একাডেমি এৱাৰ্ড বিজয়ী সংগীতজ্ঞ কুইন্সি জ’ন্স, জন লেননৰ সুপুত্ৰ জুলিয়ান লেনন, কেভিন মেকি, ষ্টিফেন মেলিল’ আদিৰ দৰে বহুতো আন্তঃৰাষ্ট্ৰীয় সংগীতজ্ঞৰ উপৰি কলিকতা তথা অসমৰ শুভমিতা, অন্বেষা, স্বাগতালক্ষ্মী দাসগুপ্ত, শিলা দেৱ, প্ৰাঞ্জল বৰা [খ্যাতনামা বাঁহীবাদক], শ্ৰীময়ী বৰদলৈ, ৰিণ্টু শইকীয়া, শুভাশীষ গোস্বামী, প্ৰণৱ শৰ্মা নেওগ, সমীৰণ মলয়, জুৰি শৰ্মা, ধৰিত্ৰী শইকীয়া আদিৰ অৱদান উল্লেখনীয়৷

চলচিত্ৰখনত পৰিচালকে সৰু ল’ৰা-ছোৱালীৰ অভিনয়ক গুৰুত্ব দিয়াৰ লগতে ভালেখিনি সুবিধা প্ৰদান কৰিছে৷ কলিকতাৰ মনোবিকাশ কেন্দ্ৰৰ বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰী, যোৰহাটৰ শ্বেমফৰ্ড, লিচুবাৰী ডনবচক’ আৰু আন কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয় ‘প্ৰেৰণা’ৰ অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে চলচিত্ৰখনত অভিনয় কৰিছে৷ বৰ্তমান কেলিৰ্ফনিয়াৰ স্বাস্থ্য আৰু মানৱ সেৱা তথা বিকাশ সংস্থাৰ মুখ্য প্ৰযুক্তি বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰি স্বাস্থ্য সেৱা, কৃত্ৰিম বুদ্ধিমত্তা আৰু গৱেষণা প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰখনক নেতৃত্ব প্ৰদান কৰি আছে এই চলচিত্ৰখনৰ পৰিচালক ড॰ ৰূপম শৰ্মাই৷ তেখেতে প্ৰতিষ্ঠা কৰা ‘ৱান লিটল্ ফিংগাৰ গ্ল’বেল ফাউণ্ডেচন’এ বিশ্বজুৰি শাৰীৰিকভাৱে অক্ষমসকল, পিছপৰা শ্ৰেণীৰ শিশু আদিক শিক্ষা-গৱেষণা, শাৰীৰিক বিকাশ আদি ক্ষেত্ৰত সহায় কৰি আহিছে৷

যোৰহাট সাংস্কৃতিক মঞ্চৰ সহযোগত আৰু ৱান লিটল্ ফিংগাৰ গ্ল’বেল ফাউণ্ডেচনৰ উদ্যোগত অহা ২৭ নৱেম্বৰ, ২০২২ চন, দেওবাৰে যোৰহাট থিয়েটাৰ হলত বিয়লি ৩-৪৫ বজাত আৰু সন্ধিয়া ৬-৩০ বজাত এই চলচিত্ৰখন দুটা বিশেষ দৰ্শনীৰ আয়োজন কৰা হৈছে৷ আয়োজকসকলে চলচিত্ৰপ্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে৷

হিন্দুস্থান সমাচাৰ / কিশোৰ/আলোক.


 rajesh pande